Cross Reference Exodus 20:15 in Assamese 15 কাৰো পৰা চুৰ নকৰিবা।
Exodus 20:17 in Assamese 17 তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভাৰ্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।
Leviticus 19:11 in Assamese 11 তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
Leviticus 19:13 in Assamese 13 তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
Leviticus 25:14 in Assamese 14 যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
Leviticus 25:17 in Assamese 17 আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Deuteronomy 24:7 in Assamese 7 কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।
Deuteronomy 25:13 in Assamese 13 আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে।
Deuteronomy 32:35 in Assamese 35 সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিব লগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
1 Samuel 12:3 in Assamese 3 মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেঁটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
Job 31:13 in Assamese 13 মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
Psalm 94:1 in Assamese 1 হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
Psalm 140:12 in Assamese 12 মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
Proverbs 11:1 in Assamese 1 ভুল তুলাচনি যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
Proverbs 16:11 in Assamese 11 সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি।
Proverbs 20:14 in Assamese 14 কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহঙ্কাৰ কৰে।
Proverbs 20:23 in Assamese 23 যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
Proverbs 22:22 in Assamese 22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
Proverbs 28:24 in Assamese 24 যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।
Ecclesiastes 5:8 in Assamese 8 তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায়বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Isaiah 59:4 in Assamese 4 কোনেও ধাৰ্ম্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম্ম প্ৰসৱ কৰে।
Jeremiah 7:6 in Assamese 6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
Jeremiah 9:4 in Assamese 4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
Ezekiel 22:13 in Assamese 13 এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ।
Ezekiel 45:9 in Assamese 9 প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।
Amos 8:5 in Assamese 5 তোমালোকে কোৱা যে, “ন জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্রাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা (জোখা পাত্র) সৰু কৰিম, চেকেল (দাম) বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।
Micah 2:2 in Assamese 2 তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে।
Zephaniah 3:1 in Assamese 1 ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
Zephaniah 3:5 in Assamese 5 তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায়বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Mark 10:19 in Assamese 19 তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
Luke 12:5 in Assamese 5 কিন্তু কোন জনক ভয় কৰিব লাগে, সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনে বধ কৰাৰ পাছত, নৰকতো পেলাবৰ ক্ষমতালৈ আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
Romans 1:18 in Assamese 18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্ৱর্গৰ পৰা প্ৰকট হয়;
Romans 12:19 in Assamese 19 হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
Romans 13:4 in Assamese 4 কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ সেৱক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
1 Corinthians 6:7 in Assamese 7 আপোনালোকে যদি এইদৰে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি থাকে, তেনেহলে এটাই প্রমাণ হ’ব যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হ’বলৈ কিয় নিদিয়ে?
Galatians 5:21 in Assamese 21 হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
Ephesians 4:28 in Assamese 28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ’ বৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
Ephesians 5:6 in Assamese 6 অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
Hebrews 13:4 in Assamese 4 সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
James 2:6 in Assamese 6 কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
James 5:4 in Assamese 4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।