1 Thessalonians 4:17 in Assamese 17 তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ’ব আৰু এইদৰে আমি সদায় প্ৰভুৰ সঙ্গী হম।
Other Translations King James Version (KJV) Then we which are alive and remain shall be caught up together with them in the clouds, to meet the Lord in the air: and so shall we ever be with the Lord.
American Standard Version (ASV) then we that are alive, that are left, shall together with them be caught up in the clouds, to meet the Lord in the air: and so shall we ever be with the Lord.
Bible in Basic English (BBE) Then we who are still living will be taken up together with them into the clouds to see the Lord in the air: and so will we be for ever with the Lord.
Darby English Bible (DBY) then *we*, the living who remain, shall be caught up together with them in [the] clouds, to meet the Lord in [the] air; and thus we shall be always with [the] Lord.
World English Bible (WEB) then we who are alive, who are left, will be caught up together with them in the clouds, to meet the Lord in the air. So we will be with the Lord forever.
Young's Literal Translation (YLT) then we who are living, who are remaining over, together with them shall be caught away in clouds to meet the Lord in air, and so always with the Lord we shall be;
Cross Reference 1 Kings 18:12 in Assamese 12 কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ যিহোৱাৰ আত্মাই আপোনাক লৈ যাব; তাতে মই গৈ আহাবক সংবাদ দিলে, যদি তেওঁ আপোনাক বিচৰি নাপায়, তেতিয়া তেওঁ মোক বধ কৰিব; কিন্তু আপোনাৰ দাস মই হ’লে, ল’ৰাকালৰে পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।
2 Kings 2:16 in Assamese 16 তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসসকলৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
Psalm 16:11 in Assamese 11 তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁহাতত আছে অনন্ত সুখ।
Psalm 17:15 in Assamese 15 কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।
Psalm 49:15 in Assamese 15 কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা) ।
Psalm 73:24 in Assamese 24 তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
Isaiah 35:10 in Assamese 10 যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Isaiah 60:19 in Assamese 19 দিনত সূৰ্য্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতিঃ, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
Daniel 7:13 in Assamese 13 মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
Matthew 26:64 in Assamese 64 যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।”
Mark 14:62 in Assamese 62 তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
John 12:26 in Assamese 26 কোনোৱে যদি মোৰ পৰিচাৰক হ’ব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তেতিয়া মই যি ঠাইত থাকোঁ, মোৰ পৰিচাৰক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
John 14:3 in Assamese 3 যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
John 17:24 in Assamese 24 হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
Acts 1:9 in Assamese 9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু তেওঁলোকৰ চকুৰ আগতে এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল।
Acts 8:39 in Assamese 39 যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গ’ল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।
1 Corinthians 15:52 in Assamese 52 এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
2 Corinthians 5:8 in Assamese 8 এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস কৰিছোঁ আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।
2 Corinthians 12:2 in Assamese 2 খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শৰীৰত নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
Philippians 1:23 in Assamese 23 কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!
1 Thessalonians 4:15 in Assamese 15 প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে সঁচাকৈ সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
2 Peter 3:13 in Assamese 13 কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন জগতলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
Revelation 1:7 in Assamese 7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
Revelation 7:14 in Assamese 14 তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে।” তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেষ পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
Revelation 11:12 in Assamese 12 পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা স্বৰ্গীয়-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা!” তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
Revelation 12:5 in Assamese 5 পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
Revelation 21:3 in Assamese 3 পাছত মই সেই সিংহাসনৰ পৰা এই মহা স্বৰ্গীয়-বাণী শুনিলোঁ, “সৌৱা চোৱা! লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হ’ব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷
Revelation 21:22 in Assamese 22 তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেষ-পোৱালি জনে তাৰ মন্দিৰ।
Revelation 22:3 in Assamese 3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেষ পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক আৰাধনা কৰিব৷