1 Thessalonians 2:6 in Assamese 6 আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি এই ক্ষমতা দাবী কৰিব পাৰিলোহেঁতেন৷
Other Translations King James Version (KJV) Nor of men sought we glory, neither of you, nor yet of others, when we might have been burdensome, as the apostles of Christ.
American Standard Version (ASV) nor seeking glory of men, neither from you nor from others, when we might have claimed authority as apostles of Christ.
Bible in Basic English (BBE) Or looking for glory from men, from you or from others, when we might have made ourselves a care to you as Apostles of Christ.
Darby English Bible (DBY) nor seeking glory from men, neither from you nor from others, when we might have been a charge as Christ's apostles;
World English Bible (WEB) nor seeking glory from men (neither from you nor from others), when we might have claimed authority as apostles of Christ.
Young's Literal Translation (YLT) nor seeking of men glory, neither from you nor from others, being able to be burdensome, as Christ's apostles.
Cross Reference Esther 1:4 in Assamese 4 তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
Esther 5:11 in Assamese 11 হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
Proverbs 25:27 in Assamese 27 অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰাৰ দৰে হয়।
Daniel 4:30 in Assamese 30 ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
John 5:41 in Assamese 41 মই মানুহৰ প্রশংসা (মহিমা) পাবলৈ চেষ্টা নকৰোঁ;
John 5:44 in Assamese 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা (মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা (মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
John 7:18 in Assamese 18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু যি জনে পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেওঁ সত্য, আৰু তেওঁৰ অন্তৰত একো অধাৰ্মিকতা নাই।
John 12:43 in Assamese 43 কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা(মহিমা)তকৈ মানুহৰ পৰা পোৱা প্ৰশংসা(মহিমা)ক বেছি প্ৰেম কৰিছিল।
1 Corinthians 9:1 in Assamese 1 মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
1 Corinthians 9:4 in Assamese 4 আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই?
1 Corinthians 9:12 in Assamese 12 যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
1 Corinthians 11:9 in Assamese 9 মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
1 Corinthians 12:13 in Assamese 13 কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ’বলৈ এক আত্মাত বাপ্তিস্ম গ্ৰহন কৰিলোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
2 Corinthians 4:5 in Assamese 5 কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্ৰচাৰ কৰোঁ।
2 Corinthians 10:1 in Assamese 1 মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ, মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
2 Corinthians 10:10 in Assamese 10 কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
2 Corinthians 13:10 in Assamese 10 এই কাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
Galatians 1:10 in Assamese 10 মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
Galatians 5:26 in Assamese 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।
Galatians 6:13 in Assamese 13 কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
1 Thessalonians 2:9 in Assamese 9 ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি ৰাতিয়ে-দিনে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
1 Thessalonians 3:8 in Assamese 8 কিয়নো আপোনালোক প্ৰভুত থিৰে থকাৰ বাবে আমি এতিয়া জীয়াই আছোঁ।
1 Timothy 5:17 in Assamese 17 যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য প্ৰচাৰ কৰাত আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
Philemon 1:8 in Assamese 8 গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,