1 Thessalonians 2:5 in Assamese 5 আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।
Other Translations King James Version (KJV) For neither at any time used we flattering words, as ye know, nor a cloke of covetousness; God is witness:
American Standard Version (ASV) For neither at any time were we found using words of flattery, as ye know, nor a cloak of covetousness, God is witness;
Bible in Basic English (BBE) For it is common knowledge among you that we never made use of smooth-sounding false words, and God is witness that at no time were we secretly desiring profit for ourselves,
Darby English Bible (DBY) For we have not at any time been [among you] with flattering discourse, even as ye know, nor with a pretext for covetousness, God [is] witness;
World English Bible (WEB) For neither were we at any time found using words of flattery, as you know, nor a cloak of covetousness (God is witness),
Young's Literal Translation (YLT) for at no time did we come with speech of flattery, (as ye have known,) nor in a pretext for covetousness, (God `is' witness!)
Cross Reference Job 17:5 in Assamese 5 যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।
Job 32:21 in Assamese 21 মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম।
Psalm 12:2 in Assamese 2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমোদী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
Proverbs 20:19 in Assamese 19 পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
Proverbs 26:28 in Assamese 28 মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।
Proverbs 28:23 in Assamese 23 কথাৰে খোচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়।
Isaiah 30:10 in Assamese 10 তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খোচামোদী বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
Isaiah 56:11 in Assamese 11 সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা ভেড়া-ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
Jeremiah 6:13 in Assamese 13 কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য্য কৰে।
Jeremiah 8:10 in Assamese 10 সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত সোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁবলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্ছনা কাৰ্য্য কৰে।
Micah 3:5 in Assamese 5 ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খোৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Matthew 22:16 in Assamese 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়াৰ মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাত নকৰে।
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Acts 20:33 in Assamese 33 মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
Romans 1:9 in Assamese 9 কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
Romans 9:1 in Assamese 1 মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
Romans 16:18 in Assamese 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
2 Corinthians 2:17 in Assamese 17 কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
2 Corinthians 4:2 in Assamese 2 ইয়াৰ পৰিৱৰ্তে সকলো লজ্জাজন পথ আৰু গোপন কাৰ্য ত্যাগ কৰিলোঁ। আমি শঠতাৰে (ধুৰ্ত্তাচাৰী হৈ) জীৱন যাপন নকৰিলো, আৰু ঈশ্বৰৰ বাক্যত কোনো ভাঁজ নিদিলো। সত্যতা প্ৰকাশৰ যোগেদি আমি ঈশ্বৰৰ দৃষ্টিত আৰু প্ৰতিজন মানুহৰ বিবেকৰ ওচৰতো নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
2 Corinthians 7:2 in Assamese 2 আপোনালোকৰ হৃদয়ত আমাক ঠাই দিয়ক! আমি কাৰো অন্যায় কৰা নাই, কাৰো অনিষ্ট কৰা নাই, কাকো ঠগোৱাও নাই।
2 Corinthians 12:17 in Assamese 17 তেনেদৰে আপোনালোকৰ ওচৰলৈ যি সকলক পঠালোঁ, তেখেত সকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক ফুচুলাইছিলো নে?
Galatians 1:20 in Assamese 20 চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
1 Thessalonians 2:10 in Assamese 10 আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু সৎ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।
1 Timothy 3:3 in Assamese 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
1 Timothy 3:8 in Assamese 8 সেইদৰে পৰিচাৰক (ডিকন) সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হ’ব লাগে; তেওঁলোক দুতলীয়া কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হ’ব নালাগে৷
Titus 1:7 in Assamese 7 অধ্যক্ষৰ বাবে এয়া প্ৰয়োজনীয়, কিয়নো তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত লাভ বিচৰা হ’ব নালাগে৷
1 Peter 5:2 in Assamese 2 গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰক। তেওঁলোকৰ যত্ন, অসৎ ধনৰ বাবে নকৰিব কিন্তু স্ৱ-ইচ্ছাৰে কৰক৷
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
2 Peter 2:14 in Assamese 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান।
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
Revelation 18:12 in Assamese 12 কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,