1 Peter 5:2 in Assamese 2 গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰক। তেওঁলোকৰ যত্ন, অসৎ ধনৰ বাবে নকৰিব কিন্তু স্ৱ-ইচ্ছাৰে কৰক৷
Other Translations King James Version (KJV) Feed the flock of God which is among you, taking the oversight thereof, not by constraint, but willingly; not for filthy lucre, but of a ready mind;
American Standard Version (ASV) Tend the flock of God which is among you, exercising the oversight, not of constraint, but willingly, according to `the will of' God; nor yet for filthy lucre, but of a ready mind;
Bible in Basic English (BBE) Keep watch over the flock of God which is in your care, using your authority, not as forced to do so, but gladly; and not for unclean profit but with a ready mind;
Darby English Bible (DBY) shepherd the flock of God which [is] among you, exercising oversight, not by necessity, but willingly; not for base gain, but readily;
World English Bible (WEB) Shepherd the flock of God which is among you, exercising the oversight, not under compulsion, but voluntarily, not for dishonest gain, but willingly;
Young's Literal Translation (YLT) feed the flock of God that `is' among you, overseeing not constrainedly, but willingly, neither for filthy lucre, but of a ready mind,
Cross Reference Psalm 78:71 in Assamese 71 গাখীৰ দিয়া ভেড়াৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
Song of Solomon 1:8 in Assamese 8 প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ ভেড়াৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালীবোৰক ভেড়াৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।|
Isaiah 6:8 in Assamese 8 মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 56:11 in Assamese 11 সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা ভেড়া-ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
Isaiah 63:11 in Assamese 11 তেওঁৰ লোকসকল পূৰ্ব্ব সময়ৰ মোচিৰ বিষয়ে শিকিছিল। লোকলোকে কৈছিল, যি “যি জনাই নিজৰ ভেড়াৰখীয়াসকলৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Jeremiah 6:13 in Assamese 13 কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য্য কৰে।
Jeremiah 8:10 in Assamese 10 সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত সোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁবলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্ছনা কাৰ্য্য কৰে।
Jeremiah 13:17 in Assamese 17 কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দ কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
Jeremiah 13:20 in Assamese 20 তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা। তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত?
Ezekiel 34:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ ভেড়া-ৰখীয়াসকলৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ ভেড়াৰখীয়াসকল সন্তাপৰ পাত্ৰ! ভেড়া-ৰখীয়াসকলে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে?
Ezekiel 34:23 in Assamese 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Ezekiel 34:31 in Assamese 31 আৰু প্ৰভূ যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ ভেড়া, মোৰ চৰণীয়া পথাৰৰ ভেড়া, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Micah 7:14 in Assamese 14 আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক ; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
Zechariah 11:17 in Assamese 17 হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Luke 12:32 in Assamese 32 হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 20:26 in Assamese 26 এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
Acts 20:33 in Assamese 33 মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
Acts 21:13 in Assamese 13 তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
Romans 1:15 in Assamese 15 এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
1 Corinthians 9:7 in Assamese 7 কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেখেতে কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু সেই পশুৰ গাখীৰ পান নকৰে?
1 Corinthians 9:16 in Assamese 16 কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় হ’ব৷
2 Corinthians 12:14 in Assamese 14 চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
1 Timothy 3:3 in Assamese 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
1 Timothy 3:8 in Assamese 8 সেইদৰে পৰিচাৰক (ডিকন) সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হ’ব লাগে; তেওঁলোক দুতলীয়া কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হ’ব নালাগে৷
Titus 1:7 in Assamese 7 অধ্যক্ষৰ বাবে এয়া প্ৰয়োজনীয়, কিয়নো তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত লাভ বিচৰা হ’ব নালাগে৷
Titus 1:11 in Assamese 11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Titus 3:1 in Assamese 1 তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু
Philemon 1:14 in Assamese 14 কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
Revelation 18:12 in Assamese 12 কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,