1 Peter 2:25 in Assamese 25 আপোনালোকে সকলোৱে ভ্ৰান্ত মেষৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ প্ৰাণৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷
Other Translations King James Version (KJV) For ye were as sheep going astray; but are now returned unto the Shepherd and Bishop of your souls.
American Standard Version (ASV) For ye were going astray like sheep; but are now returned unto the Shepherd and Bishop of your souls.
Bible in Basic English (BBE) Because, like sheep, you had gone out of the way; but now you have come back to him who keeps watch over your souls.
Darby English Bible (DBY) For ye were going astray as sheep, but have now returned to the shepherd and overseer of your souls.
World English Bible (WEB) For you were going astray like sheep; but are now returned to the Shepherd and Overseer{"Overseer" is from the Greek episkopon, which can mean overseer, curator, guardian, or superintendent.} of your souls.
Young's Literal Translation (YLT) for ye were as sheep going astray, but ye turned back now to the shepherd and overseer of your souls.
Cross Reference Psalm 23:1 in Assamese 1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Psalm 119:176 in Assamese 176 হেৰোৱা ভেড়াৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
Song of Solomon 1:7 in Assamese 7 প্রিয়ৰ প্রতি যুৱতীৰ কথা: হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ ভেড়াৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ ভেড়াবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোৱা? তোমাৰ লগৰীয়াৰ ভেড়াৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা বেশ্যাজনীৰ নিচিনা ঘূৰি ফুৰিম?
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 53:6 in Assamese 6 আমি সকলোৱে ভেড়াৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
Jeremiah 23:2 in Assamese 2 এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা ভেড়া-ৰখীয়াসকলৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ ভেড়া-জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
Ezekiel 34:6 in Assamese 6 মোৰ ভেড়াবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ ভেড়াবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
Ezekiel 34:11 in Assamese 11 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
Ezekiel 34:23 in Assamese 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Ezekiel 37:24 in Assamese 24 আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব।
Zechariah 13:7 in Assamese 7 “হে তৰোৱাল! তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “ভেড়া-ৰখীয়াজনক আঘাত কৰা, তেতিয়া ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
Matthew 9:36 in Assamese 36 তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেষৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
Matthew 18:12 in Assamese 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেষ থাকে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষ পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
Luke 15:4 in Assamese 4 তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেষক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
John 10:11 in Assamese 11 ময়েই সজ মেষৰখীয়া; সজ মেষৰখীয়াই তেওঁৰ মেষৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
Acts 20:28 in Assamese 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই লোক সকলৰ বাবে সাৱধান হওক, আৰু ঈশ্বৰে নিজে দান কৰা তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
Hebrews 3:1 in Assamese 1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত।
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;
1 Peter 5:4 in Assamese 4 যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হ’ব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান (অম্লান মহিমাময়) কিৰীটি পাব।