1 Peter 2:23 in Assamese 23 তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
Other Translations King James Version (KJV) Who, when he was reviled, reviled not again; when he suffered, he threatened not; but committed himself to him that judgeth righteously:
American Standard Version (ASV) who, when he was reviled, reviled not again; when he suffered threatened not; but committed `himself' to him that judgeth righteously:
Bible in Basic English (BBE) To sharp words he gave no sharp answer; when he was undergoing pain, no angry word came from his lips; but he put himself into the hands of the judge of righteousness:
Darby English Bible (DBY) who, [when] reviled, reviled not again; [when] suffering, threatened not; but gave [himself] over into the hands of him who judges righteously;
World English Bible (WEB) Who, when he was cursed, didn't curse back. When he suffered, didn't threaten, but committed himself to him who judges righteously;
Young's Literal Translation (YLT) who being reviled -- was not reviling again, suffering -- was not threatening, and was committing himself to Him who is judging righteously,
Cross Reference Genesis 18:25 in Assamese 25 ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্ম্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
Psalm 7:11 in Assamese 11 ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
Psalm 10:14 in Assamese 14 কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; অনাথক সহায় কৰোঁতা তুমিয়েইতো হয়।
Psalm 31:5 in Assamese 5 হে যিহোৱা, হে মোৰ বিশ্বস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
Psalm 37:5 in Assamese 5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
Psalm 38:12 in Assamese 12 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
Psalm 96:13 in Assamese 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।
Isaiah 53:7 in Assamese 7 তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া ভেড়া, আৰু যেনেকৈ নোম কাটোতাৰ আগত ভেড়াই নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
Matthew 27:39 in Assamese 39 তেতিয়া যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,
Mark 14:60 in Assamese 60 তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
Mark 15:29 in Assamese 29 পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি ক’বলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
Luke 22:64 in Assamese 64 আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?”
Luke 23:9 in Assamese 9 তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।
Luke 23:34 in Assamese 34 তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ল’লে।
Luke 23:46 in Assamese 46 পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
John 8:48 in Assamese 48 ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
John 19:9 in Assamese 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
Acts 4:29 in Assamese 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে ক’বলৈ অনুগ্রহ দান কৰা।
Acts 7:59 in Assamese 59 তেওঁলোকে স্তিফানক শিল দলিয়াই থাকোতে, তেওঁ প্ৰভুক স্মৰণ কৰি ক’লে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”
Acts 8:32 in Assamese 32 ধৰ্মশাস্ত্ৰৰ যি বচন তেওঁ পঢ়িছিল, সেয়া এই, “মাৰিবলৈ নিয়া মেষ পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেষ পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
Acts 9:1 in Assamese 1 সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
Acts 17:31 in Assamese 31 কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই জগতক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
Romans 2:5 in Assamese 5 কিন্তু আপোনাৰ কঠিনতা আৰু মন-পালটন নকৰা হৃদয়ে, ঈশ্বৰৰ ধাৰ্মিকতাপূৰ্ণ সোধ-বিচাৰৰ ন্যায় প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
Ephesians 6:9 in Assamese 9 আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে, স্বর্গত তেওঁলোক আৰু আপোনালোকৰ এজনেই প্ৰভু আছে, আৰু তেওঁত কোনো পক্ষপাত নাই।
2 Thessalonians 1:5 in Assamese 5 এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হ’ব।
2 Timothy 1:12 in Assamese 12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ (ন্যায় বিচাৰৰ দিনৰ) কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
2 Timothy 4:8 in Assamese 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হ’ব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
Hebrews 12:3 in Assamese 3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহ’ব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
1 Peter 3:9 in Assamese 9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
1 Peter 4:19 in Assamese 19 এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ প্ৰাণক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।
Revelation 19:11 in Assamese 11 তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসযোগ্য আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।