1 Peter 2:21 in Assamese 21 কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
Other Translations King James Version (KJV) For even hereunto were ye called: because Christ also suffered for us, leaving us an example, that ye should follow his steps:
American Standard Version (ASV) For hereunto were ye called: because Christ also suffered for you, leaving you an example, that ye should follow his steps:
Bible in Basic English (BBE) This is God's purpose for you: because Jesus himself underwent punishment for you, giving you an example, so that you might go in his footsteps:
Darby English Bible (DBY) For to this have ye been called; for Christ also has suffered for you, leaving you a model that ye should follow in his steps:
World English Bible (WEB) For to this you were called, because Christ also suffered for us, leaving you{TR reads "us" instead of "you"} an example, that you should follow his steps,
Young's Literal Translation (YLT) for to this ye were called, because Christ also did suffer for you, leaving to you an example, that ye may follow his steps,
Cross Reference Psalm 85:13 in Assamese 13 ধাৰ্ম্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।
Matthew 10:38 in Assamese 38 যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়।
Matthew 11:29 in Assamese 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, আপোনালোকৰ ওপৰত মোৰ যুৱঁলি লওক আৰু মোৰ শিক্ষা লওক; তাতে আপোনালোকে নিজৰ নিজৰ মনত জিৰণি পাব।
Matthew 16:24 in Assamese 24 তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
Mark 8:34 in Assamese 34 পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনিলে, আৰু তেওঁ ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।
Luke 9:23 in Assamese 23 যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
Luke 14:26 in Assamese 26 “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ প্ৰাণকো যদি অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
Luke 24:26 in Assamese 26 খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
John 13:15 in Assamese 15 কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
John 16:33 in Assamese 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Acts 9:16 in Assamese 16 কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
Acts 14:22 in Assamese 22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
Acts 17:3 in Assamese 3 তেওঁ শাস্ত্ৰীয় বচন মেলি বাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
Romans 8:29 in Assamese 29 কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
1 Corinthians 11:1 in Assamese 1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
Ephesians 5:2 in Assamese 2 খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
Philippians 2:5 in Assamese 5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
1 Thessalonians 3:3 in Assamese 3 যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছো।
1 Thessalonians 4:2 in Assamese 2 কাৰণ প্ৰভু যীচুৰ নামৰ দ্বাৰাই আমি আপোনালোকক কি কি আদেশ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
2 Timothy 3:12 in Assamese 12 আৰু বাস্তবিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।
Hebrews 2:10 in Assamese 10 সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে দুখভোগৰ মাজেদি পৰিত্ৰাণৰ আদিকৰ্তাই সঠিক কাৰ্যটো সিদ্ধ কৰিলে, এইটোৱে আছিল ঈশ্বৰৰ বাবে উপযুক্ত কার্য।
1 Peter 1:20 in Assamese 20 জগত স্থাপনৰ পূৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
1 Peter 2:24 in Assamese 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠ(ক্ৰুচ)ৰ ওপৰলৈ নিলে৷ তেওঁৰ কোব খোৱা সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
1 Peter 3:9 in Assamese 9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
1 Peter 3:18 in Assamese 18 কিয়নো খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
1 Peter 4:1 in Assamese 1 এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
1 John 2:6 in Assamese 6 মই তেওঁত থাকোঁ, এই বুলি যি কোনোৱে কয়, তেওঁ যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।
1 John 3:16 in Assamese 16 খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
Revelation 12:11 in Assamese 11 তেওঁলোকে মেষ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ প্ৰাণক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।