1 Peter 2:11 in Assamese 11 হে প্ৰিয়সকল, এই জগতত আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে, প্ৰাণৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
Other Translations King James Version (KJV) Dearly beloved, I beseech you as strangers and pilgrims, abstain from fleshly lusts, which war against the soul;
American Standard Version (ASV) Beloved, I beseech you as sojourners and pilgrims, to abstain from fleshly lust, which war against the soul;
Bible in Basic English (BBE) My loved ones, I make this request with all my heart, that, as those for whom this world is a strange country, you will keep yourselves from the desires of the flesh which make war against the soul;
Darby English Bible (DBY) Beloved, I exhort [you], as strangers and sojourners, to abstain from fleshly lusts, which war against the soul;
World English Bible (WEB) Beloved, I beg you as foreigners and pilgrims, to abstain from fleshly lusts, which war against the soul;
Young's Literal Translation (YLT) Beloved, I call upon `you', as strangers and sojourners, to keep from the fleshly desires, that war against the soul,
Cross Reference Genesis 23:4 in Assamese 4 “মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক কবৰ দিব পাৰো।”
Genesis 47:9 in Assamese 9 যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
Leviticus 25:23 in Assamese 23 আৰু মাটি চিৰকালৰ কাৰনে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্ৰবাসী আছা।
1 Chronicles 29:15 in Assamese 15 কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
Psalm 39:12 in Assamese 12 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাঁতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছো।
Psalm 119:19 in Assamese 19 মই পৃথিৱীত প্ৰবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।
Psalm 119:54 in Assamese 54 মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
Acts 15:20 in Assamese 20 বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা*, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
Acts 15:29 in Assamese 29 আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
Romans 7:23 in Assamese 23 কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
Romans 8:13 in Assamese 13 কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ।
Romans 12:1 in Assamese 1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ আত্মিক আৰাধনা।
Romans 13:13 in Assamese 13 বন্য অনুষ্ঠান (মত্ততা), ৰঙ্গৰস, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
2 Corinthians 6:1 in Assamese 1 সেয়ে আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷
2 Corinthians 7:1 in Assamese 1 এই হেতুকে, হে প্ৰিয় ভাইসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাৰ পাছত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
Galatians 5:16 in Assamese 16 কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকৰ মাংসৰ অভিলাষ পুৰ নকৰিব।
Galatians 5:24 in Assamese 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্ৰুচত দিলে৷
Ephesians 4:1 in Assamese 1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।
1 Timothy 6:9 in Assamese 9 কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
2 Timothy 2:22 in Assamese 22 তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু যি সকলে নিৰ্মল চিত্তেৰে প্ৰভুক আহ্বান কৰে, তেওঁলোকৰ সৈতে ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি অন্বেষণ কৰা।
Philemon 1:9 in Assamese 9 তথাপি মই তোমাক, প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছো আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
Hebrews 11:13 in Assamese 13 সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
James 4:1 in Assamese 1 আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
1 Peter 1:1 in Assamese 1 মই পিতৰ, যীচু খ্ৰীষ্টৰ পাঁচনি; যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, সেই প্ৰবাসী, মনোনীত লোক সকলৰ সমীপলৈ৷
1 Peter 1:17 in Assamese 17 আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিত ভয়েৰে নিয়াব৷
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
1 John 2:15 in Assamese 15 আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই।