1 Peter 1:8 in Assamese 8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
Other Translations King James Version (KJV) Whom having not seen, ye love; in whom, though now ye see him not, yet believing, ye rejoice with joy unspeakable and full of glory:
American Standard Version (ASV) whom not having seen ye love; on whom, though now ye see him not, yet believing, ye rejoice greatly with joy unspeakable and full of glory:
Bible in Basic English (BBE) To whom your love is given, though you have not seen him; and the faith which you have in him, though you do not see him now, gives you joy greater than words and full of glory:
Darby English Bible (DBY) whom, having not seen, ye love; on whom [though] not now looking, but believing, ye exult with joy unspeakable and filled with [the] glory,
World English Bible (WEB) whom not having known you love; in whom, though now you don't see him, yet believing, you rejoice greatly with joy unspeakable and full of glory--
Young's Literal Translation (YLT) whom, not having seen, ye love, in whom, now not seeing and believing, ye are glad with joy unspeakable and glorified,
Cross Reference Song of Solomon 1:7 in Assamese 7 প্রিয়ৰ প্রতি যুৱতীৰ কথা: হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ ভেড়াৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ ভেড়াবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোৱা? তোমাৰ লগৰীয়াৰ ভেড়াৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা বেশ্যাজনীৰ নিচিনা ঘূৰি ফুৰিম?
Song of Solomon 5:9 in Assamese 9 যিৰূচালেমৰ ৰমণীসকলৰ কথা:| নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
Song of Solomon 5:16 in Assamese 16 তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
Habakkuk 3:17 in Assamese 17 যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জলফাই গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা ভেড়াৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,
Matthew 10:37 in Assamese 37 যিকোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
Matthew 25:35 in Assamese 35 কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা:
John 8:42 in Assamese 42 যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা অহা নাই, কিন্তু ঈশ্বৰেহে মোক পঠিয়ালে।
John 14:15 in Assamese 15 তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
John 14:21 in Assamese 21 যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
John 14:24 in Assamese 24 যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
John 16:22 in Assamese 22 ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
John 20:29 in Assamese 29 যীচুৱে তেওঁক ক’লে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য।”
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 16:34 in Assamese 34 তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাৰ বাবে তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে।
Romans 14:17 in Assamese 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
Romans 15:13 in Assamese 13 এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
1 Corinthians 16:22 in Assamese 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
2 Corinthians 1:22 in Assamese 22 তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে।
2 Corinthians 4:18 in Assamese 18 এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।
2 Corinthians 5:7 in Assamese 7 (কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;)
2 Corinthians 5:14 in Assamese 14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
2 Corinthians 9:15 in Assamese 15 ঈশ্বৰৰ বৰ্ণনা কৰিব নোৱাৰা দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
2 Corinthians 12:4 in Assamese 4 তেখেতক পৰমদেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে ক’ব নোপোৱা কথা শুনিবলৈ পাইছিল।
Galatians 5:6 in Assamese 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 1:13 in Assamese 13 আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
Ephesians 6:24 in Assamese 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
Philippians 1:25 in Assamese 25 এতিয়ালৈ মই ইয়াকে দৃঢ় প্ৰত্যয় কৰি থাকিম যে, আপোনালোকৰ বৃদ্ধি আৰু বিশ্বাসত আনন্দ হ’বৰ বাবে আপোনালোক সকলোৰে লগত সদায় থাকিবলৈ পাম৷
Philippians 3:3 in Assamese 3 কিয়নো আমি হে প্ৰকৃততে চু্ন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
Philippians 4:4 in Assamese 4 আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
Hebrews 11:1 in Assamese 1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
Hebrews 11:27 in Assamese 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
1 Peter 1:6 in Assamese 6 এই কথা ভাবি আপোনালোকে অানন্দ কৰি আছে; তথাপি এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক অলপ সময়ৰ কাৰণে শোকৰ অনুভৱ দি আছে।
1 Peter 2:7 in Assamese 7 এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,
1 Peter 5:4 in Assamese 4 যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হ’ব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান (অম্লান মহিমাময়) কিৰীটি পাব।
1 John 4:19 in Assamese 19 আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷