1 Peter 1:13 in Assamese 13 এতেকে মনৰ কঁকাল বান্ধক৷ আপোনালোকৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
Other Translations King James Version (KJV) Wherefore gird up the loins of your mind, be sober, and hope to the end for the grace that is to be brought unto you at the revelation of Jesus Christ;
American Standard Version (ASV) Wherefore girding up the loins of your mind, be sober and set your hope perfectly on the grace that is to be brought unto you at the revelation of Jesus Christ;
Bible in Basic English (BBE) So make your minds ready, and keep on the watch, hoping with all your power for the grace which is to come to you at the revelation of Jesus Christ;
Darby English Bible (DBY) Wherefore, having girded up the loins of your mind, [be] sober [and] hope with perfect stedfastness in the grace [which will be] brought to you at [the] revelation of Jesus Christ;
World English Bible (WEB) Therefore, prepare your minds for action,{Literally, "gird up the loins of your mind"} be sober and set your hope fully on the grace that will be brought to you at the revelation of Jesus Christ--
Young's Literal Translation (YLT) Wherefore having girded up the loins of your mind, being sober, hope perfectly upon the grace that is being brought to you in the revelation of Jesus Christ,
Cross Reference Exodus 12:11 in Assamese 11 তোমালোকে টঙালীৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
1 Kings 18:46 in Assamese 46 তাৰ অলপ পাছত যিহোৱাৰ হাত এলিয়াৰ ওপৰত স্থিতি হোৱাত, তেওঁ কঁকাল বান্ধি যিজ্ৰিয়েলত সোমাৱা ঠাইলৈকে আহাবৰ আগে আগে লৰ ধৰিলে।
2 Kings 4:29 in Assamese 29 তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
Job 38:3 in Assamese 3 তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
Job 40:7 in Assamese 7 “তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
Isaiah 11:5 in Assamese 5 ধাৰ্ম্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
Jeremiah 1:17 in Assamese 17 এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
Luke 12:35 in Assamese 35 তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক,
Luke 17:8 in Assamese 8 তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ সেৱা শুশ্ৰূষা কৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা’৷
Luke 17:30 in Assamese 30 সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
Romans 13:13 in Assamese 13 বন্য অনুষ্ঠান (মত্ততা), ৰঙ্গৰস, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।
Romans 15:4 in Assamese 4 কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু ধৰ্মশাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
1 Corinthians 1:7 in Assamese 7 সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে।
1 Corinthians 13:13 in Assamese 13 কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম; এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
Ephesians 6:14 in Assamese 14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
1 Thessalonians 5:6 in Assamese 6 এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনাযুক্ত হৈ থাকোহঁক।
2 Thessalonians 1:7 in Assamese 7 আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচু তেওঁৰ পৰাক্ৰমেৰে দূত সকলৰ সৈতে স্বর্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব।
2 Timothy 4:5 in Assamese 5 কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
2 Timothy 4:8 in Assamese 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হ’ব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
Titus 2:11 in Assamese 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
Hebrews 3:6 in Assamese 6 কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ বিশ্বাসযোগ্য। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহত আমি সকলোৱে বিশ্বাসী হওঁ।
Hebrews 6:19 in Assamese 19 আমাৰ যি আশা আছে, সেই আশা আমাৰ প্ৰাণৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
Hebrews 9:28 in Assamese 28 তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৰ্গিত হ’ল; আৰু দ্বিতীয় বাৰ হ’লে পাপৰ ববলৈ নহয়, কিন্তু তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব।
Hebrews 10:35 in Assamese 35 এতেকে আপোনালোকে আত্মবিশ্বাস নেহেৰুৱাব, এই আত্মবিশ্বাসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷
1 Peter 1:3 in Assamese 3 ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
1 Peter 3:15 in Assamese 15 ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
1 Peter 4:7 in Assamese 7 কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
1 Peter 5:8 in Assamese 8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
1 John 3:3 in Assamese 3 আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে নিৰ্মল আস্থা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।