1 Peter 1:12 in Assamese 12 এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
Other Translations King James Version (KJV) Unto whom it was revealed, that not unto themselves, but unto us they did minister the things, which are now reported unto you by them that have preached the gospel unto you with the Holy Ghost sent down from heaven; which things the angels desire to look into.
American Standard Version (ASV) To whom it was revealed, that not unto themselves, but unto you, did they minister these things, which now have been announced unto you through them that preached the gospel unto you by the Holy Spirit sent forth from heaven; which things angel desire to look into.
Bible in Basic English (BBE) And it was made clear to those prophets that they were God's servants not for themselves but for you, to give you word of the things which have now come to your ears from the preachers of the good news through the Holy Spirit sent down from heaven; things which even angels have a desire to see.
Darby English Bible (DBY) To whom it was revealed, that not to themselves but to you they ministered those things, which have now been announced to you by those who have declared to you the glad tidings by [the] Holy Spirit, sent from heaven, which angels desire to look into.
World English Bible (WEB) To them it was revealed, that not to themselves, but to you, did they minister these things, which now have been announced to you through those who preached the Gospel to you by the Holy Spirit sent out from heaven; which things angels desire to look into.
Young's Literal Translation (YLT) to whom it was revealed, that not to themselves, but to us they were ministering these, which now were told to you (through those who did proclaim good news to you,) in the Holy Spirit sent from heaven, to which things messengers do desire to bend looking.
Cross Reference Exodus 25:20 in Assamese 20 কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।
Proverbs 1:23 in Assamese 23 মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম।
Isaiah 11:2 in Assamese 2 যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
Isaiah 32:15 in Assamese 15 ওপৰৰ পৰা আমাৰ ওপৰত আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱা লৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
Isaiah 44:3 in Assamese 3 কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
Isaiah 53:1 in Assamese 1 আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল?
Daniel 2:19 in Assamese 19 সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
Daniel 2:22 in Assamese 22 তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
Daniel 2:28 in Assamese 28 কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Daniel 2:47 in Assamese 47 ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সচাঁ, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
Daniel 8:13 in Assamese 13 তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
Daniel 9:24 in Assamese 24 অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্রায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র নগৰৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
Daniel 10:1 in Assamese 1 পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ তৃতীয় বছৰত দানিয়েলৰ (বেলটচচৰ নামেৰে প্ৰখ্যাত) আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
Daniel 12:5 in Assamese 5 তাৰ পাছত মই দানিয়েলে চালো আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল।
Daniel 12:9 in Assamese 9 তাতে তেওঁ ক’লে, “হে দানিয়েল, তুমি নিজৰ পথত যোৱা; কাৰণ শেষ সময়লৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ’ল।
Daniel 12:13 in Assamese 13 তুমি শেষলৈকে নিজৰ পথত চলি থাকা; আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ’বা।”
Joel 2:28 in Assamese 28 তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Amos 3:7 in Assamese 7 অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Zechariah 12:10 in Assamese 10 আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Matthew 11:25 in Assamese 25 সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু জগতৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
Matthew 11:27 in Assamese 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে; পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
Matthew 16:17 in Assamese 17 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Luke 2:26 in Assamese 26 প্ৰভুৰ অভিষিক্ত (খ্ৰীষ্ট) জনক দেখা নপোৱালৈকে, তেওঁ মৃত্যুভোগ নকৰিব বুলি পবিত্ৰ আত্মাৰ দ্বাৰাই এই কথা তেওঁলৈ প্ৰকাশ কৰা হৈছিল।
Luke 9:6 in Assamese 6 পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।
Luke 15:10 in Assamese 10 সেইদৰে মই আপোনালোকক কওঁ, মন-পালটন কৰা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
John 15:26 in Assamese 26 কিন্তু যেতিয়া সেই সহায়কর্তা আহিব, পিতৃৰ পৰা ওলোৱা, তেওঁৰ সেই অগ্রসৰ হোৱা সত্যৰ আত্মা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব।
John 16:7 in Assamese 7 তথাপি মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
Acts 2:2 in Assamese 2 সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
Acts 2:17 in Assamese 17 ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তেতিয়া তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Acts 2:33 in Assamese 33 এতেকে উত্তোলিত হৈ তেওঁ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পালে আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
Acts 4:8 in Assamese 8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক ক’লে, “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
Acts 4:31 in Assamese 31 এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে ক’বলৈ ধৰিলে।
Acts 8:25 in Assamese 25 এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।
Acts 10:44 in Assamese 44 পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷
Acts 16:10 in Assamese 10 পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
Romans 1:15 in Assamese 15 এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
Romans 1:17 in Assamese 17 কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”
Romans 10:15 in Assamese 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰিৰ পতা কেনে সুন্দৰ!”
Romans 15:19 in Assamese 19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্যৰ শক্তি আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
1 Corinthians 2:10 in Assamese 10 কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
2 Corinthians 1:22 in Assamese 22 তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে।
2 Corinthians 6:6 in Assamese 6 শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, প্ৰকৃত প্ৰেম;
Galatians 1:12 in Assamese 12 কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
Galatians 1:16 in Assamese 16 মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও কোনো মানুহৰ (মাংস আৰু তেজেৰে) সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
Ephesians 3:10 in Assamese 10 ঈশ্বৰৰ ইচ্ছা এই যে, মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ নানাবিধ জ্ঞান জনোৱা হয়;
1 Thessalonians 1:5 in Assamese 5 কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি কেনে ধৰণৰ লোক, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।
1 Thessalonians 2:9 in Assamese 9 ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি ৰাতিয়ে-দিনে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
Hebrews 2:4 in Assamese 4 ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
Hebrews 4:2 in Assamese 2 ইস্রায়েলী লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভ সংবাদ ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু সেই শুভ সংবাদৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ’ল; কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে।
Hebrews 11:13 in Assamese 13 সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
Hebrews 11:39 in Assamese 39 এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
1 Peter 1:25 in Assamese 25 কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।
Revelation 5:11 in Assamese 11 তেতিয়া মই চাওতে, সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা ২০০,০০০,০০০ আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷