1 Peter 1:1 in Assamese 1 মই পিতৰ, যীচু খ্ৰীষ্টৰ পাঁচনি; যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, সেই প্ৰবাসী, মনোনীত লোক সকলৰ সমীপলৈ৷
Other Translations King James Version (KJV) Peter, an apostle of Jesus Christ, to the strangers scattered throughout Pontus, Galatia, Cappadocia, Asia, and Bithynia,
American Standard Version (ASV) Peter, an apostle of Jesus Christ, to the elect who are sojourners of the Dispersion in Pontus, Galatia, Cappadocia, Asia, and Bithynia,
Bible in Basic English (BBE) Peter, an Apostle of Jesus Christ, to the saints who are living in Pontus, Galatia, Cappadocia, Asia, and Bithynia,
Darby English Bible (DBY) Peter, apostle of Jesus Christ, to [the] sojourners of [the] dispersion of Pontus, Galatia, Cappadocia, Asia, and Bithynia,
World English Bible (WEB) Peter, an apostle of Jesus Christ, to the chosen ones who are living as strangers in the Dispersion in Pontus, Galatia, Cappadocia, Asia, and Bithynia,
Young's Literal Translation (YLT) Peter, an apostle of Jesus Christ, to the choice sojourners of the dispersion of Pontus, Galatia, Cappadocia, Asia, and Bithynia,
Cross Reference Leviticus 26:33 in Assamese 33 মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব।
Deuteronomy 4:27 in Assamese 27 যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
Deuteronomy 28:64 in Assamese 64 তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব।
Deuteronomy 32:26 in Assamese 26 মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
Esther 3:8 in Assamese 8 তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়েহে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
Psalm 44:11 in Assamese 11 তুমি আমাক কাটিবলৈ নিয়া ভেড়াৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
Ezekiel 6:8 in Assamese 8 তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।
Matthew 4:18 in Assamese 18 পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই, চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
Matthew 10:2 in Assamese 2 সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
Matthew 24:22 in Assamese 22 সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
John 1:41 in Assamese 41 তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
John 7:35 in Assamese 35 ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ গ্রীক সকলক শিক্ষা দিব নেকি?
John 11:52 in Assamese 52 কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 2:5 in Assamese 5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
Acts 6:9 in Assamese 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ সৈতে কুৰীণীয়া আৰু আলেকজেন্দ্রিয়া নগৰৰ লগতে কিলকিয়া আৰু এচিয়া প্ৰদেশৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিব ধৰিলে।
Acts 8:4 in Assamese 4 কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল। তেওঁলোক যি ঠাইতে আছিল, সেই ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিব ধৰিলে।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 18:2 in Assamese 2 তাতে তেওঁ পন্ত প্ৰদেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্রিষ্কিল্লাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ আদেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
Acts 18:23 in Assamese 23 তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফৰুগিয়া প্ৰদেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
Acts 19:10 in Assamese 10 এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
Acts 20:16 in Assamese 16 কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
1 Corinthians 16:19 in Assamese 19 এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
2 Corinthians 1:8 in Assamese 8 কিয়নো, হে ভাই সকল, এচিয়াত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
Galatians 1:2 in Assamese 2 মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ মণ্ডলীবোৰৰ সমীপলৈ।
Ephesians 2:12 in Assamese 12 সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই জগতত আপোনালোক ঈশ্বৰবিহীন আছিল।
Ephesians 2:19 in Assamese 19 হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।
2 Timothy 1:15 in Assamese 15 ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হ’ল৷ এই বিষয়ে তুমি জানি আছা।
Hebrews 11:13 in Assamese 13 সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
James 1:1 in Assamese 1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোকৰ ওচৰলৈ এই সম্ভাষণ।
1 Peter 2:11 in Assamese 11 হে প্ৰিয়সকল, এই জগতত আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে, প্ৰাণৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
2 Peter 1:1 in Assamese 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
Revelation 1:11 in Assamese 11 তেতিয়া সেই মাতে মোক ক’লে, “তুমি যি দেখিলা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”