1 Kings 9:7 in Assamese 7 তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
Other Translations King James Version (KJV) Then will I cut off Israel out of the land which I have given them; and this house, which I have hallowed for my name, will I cast out of my sight; and Israel shall be a proverb and a byword among all people:
American Standard Version (ASV) then will I cut off Israel out of the land which I have given them; and this house, which I have hallowed for my name, will I cast out of my sight; and Israel shall be a proverb and a byword among all peoples.
Bible in Basic English (BBE) Then I will have Israel cut off from the land which I have given them; and this house, which I have made holy for myself, I will put away from before my eyes; and Israel will be a public example, and a word of shame among all peoples.
Darby English Bible (DBY) then will I cut off Israel out of the land which I have given them; and the house, which I have hallowed to my name, will I cast out of my sight; and Israel shall be a proverb and a by word among all peoples;
Webster's Bible (WBT) Then will I cut off Israel from the land which I have given them; and this house which I have hallowed for my name, will I cast out of my sight; and Israel shall be a proverb and a by-word among all people:
World English Bible (WEB) then will I cut off Israel out of the land which I have given them; and this house, which I have made holy for my name, will I cast out of my sight; and Israel shall be a proverb and a byword among all peoples.
Young's Literal Translation (YLT) then I have cut off Israel from the face of the ground that I have given to them, and the house that I have hallowed for My name I send away from My presence, and Israel hath been for a simile and for a byword among all the peoples;
Cross Reference Leviticus 18:24 in Assamese 24 তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্ম্মৰ দ্বাৰাই অশুচি হ’ল।
Deuteronomy 4:26 in Assamese 26 মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
Deuteronomy 28:37 in Assamese 37 যিহোৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেইসকলৰ মাজত আপোনালোক এক ত্রাস, প্রবাদ আৰু বিদ্ৰূপৰ বিষয় হ’ব।
Deuteronomy 29:26 in Assamese 26 তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেৱীক তেওঁলোকে নাজানে, সেই আন দেৱতাসকলৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
1 Kings 9:3 in Assamese 3 যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
2 Kings 17:20 in Assamese 20 সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতাসকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
2 Kings 25:9 in Assamese 9 তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
2 Kings 25:21 in Assamese 21 বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
2 Chronicles 7:20 in Assamese 20 তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
2 Chronicles 36:19 in Assamese 19 আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
Nehemiah 4:1 in Assamese 1 তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।
Psalm 44:14 in Assamese 14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোকসমূহৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
Isaiah 65:15 in Assamese 15 মোৰ মনোনীত লোকসকলৰ বাবে শাও দিবলৈ তোমালোকে তোমালোকৰ নাম থৈ যাবা, আৰু মই, প্ৰভু যিহোৱাই তোমাক মৃত্যু দিম, আৰু নিজ দাসসকল আন নামেৰে মাতিব।
Jeremiah 7:4 in Assamese 4 এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
Jeremiah 24:9 in Assamese 9 এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
Jeremiah 26:6 in Assamese 6 তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।
Jeremiah 26:18 in Assamese 18 তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”
Jeremiah 52:13 in Assamese 13 যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
Lamentations 2:6 in Assamese 6 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্ৱংস কৰাৰ দৰে ধ্ৱংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
Lamentations 2:15 in Assamese 15 আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?”
Ezekiel 24:21 in Assamese 21 ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Ezekiel 33:27 in Assamese 27 তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব।
Joel 2:17 in Assamese 17 যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
Micah 3:12 in Assamese 12 এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Matthew 24:2 in Assamese 2 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহব।”
Luke 21:24 in Assamese 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।