1 Kings 8:9 in Assamese 9 মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তানসকল ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম স্থাপন কৰা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে নিয়ম-চন্দুকৰ ভিতৰত যি দুখন শিলৰ ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
Other Translations King James Version (KJV) There was nothing in the ark save the two tables of stone, which Moses put there at Horeb, when the LORD made a covenant with the children of Israel, when they came out of the land of Egypt.
American Standard Version (ASV) There was nothing in the ark save the two tables of stone which Moses put there at Horeb, when Jehovah made a covenant with the children of Israel, when they came out of the land of Egypt.
Bible in Basic English (BBE) There was nothing in the ark but the two flat stones which Moses put there at Horeb, where the Lord made an agreement with the children of Israel when they came out of the land of Egypt.
Darby English Bible (DBY) There was nothing in the ark save the two tables of stone which Moses placed there at Horeb, when Jehovah made [a covenant] with the children of Israel, when they came out of the land of Egypt.
Webster's Bible (WBT) There was nothing in the ark save the two tables of stone, which Moses deposited there at Horeb, when the LORD made a covenant with the children of Israel, when they came out of the land of Egypt.
World English Bible (WEB) There was nothing in the ark save the two tables of stone which Moses put there at Horeb, when Yahweh made a covenant with the children of Israel, when they came out of the land of Egypt.
Young's Literal Translation (YLT) There is nothing in the ark, only the two tables of stone which Moses put there in Horeb, when Jehovah covenanted with the sons of Israel in their going out of the land of Egypt.
Cross Reference Exodus 13:21 in Assamese 21 তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি তেওঁলোকক পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
Exodus 14:24 in Assamese 24 কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
Exodus 16:10 in Assamese 10 হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
Exodus 16:33 in Assamese 33 মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
Exodus 24:7 in Assamese 7 তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
Exodus 24:16 in Assamese 16 সেই চিনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
Exodus 25:21 in Assamese 21 তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থবা।
Exodus 34:27 in Assamese 27 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
Exodus 40:20 in Assamese 20 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ,
Exodus 40:34 in Assamese 34 তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।
Leviticus 16:2 in Assamese 2 যিহোৱাই মোচিক এই কথা ক’লে, “হাৰোণ নমৰিবৰ বাবে, চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মূখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ-স্থানলৈ সকলো সময়ত নোসোমাবৰ বাবে আজ্ঞা কৰা; কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।
Numbers 9:15 in Assamese 15 আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
Numbers 17:10 in Assamese 10 পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তানসকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
Deuteronomy 4:13 in Assamese 13 তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
Deuteronomy 10:2 in Assamese 2 তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
Deuteronomy 31:26 in Assamese 26 “এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
1 Kings 8:21 in Assamese 21 আৰু যিহোৱাই আমাৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই অনা কালত তেওঁলোকৰ সৈতে কৰা নিয়মটি থকা যি নিয়ম-চন্দুক, তাৰ বাবে মই ইয়াত এটা ঠাই যুগুত কৰিলো।”
2 Chronicles 5:10 in Assamese 10 মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তানসকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
2 Chronicles 5:13 in Assamese 13 তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
2 Chronicles 7:1 in Assamese 1 যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
Ezekiel 10:4 in Assamese 4 তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
Hebrews 9:4 in Assamese 4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি (যত কুঁহি ওলাইছিল) আৰু বিধান থকা দুখন শিলৰ ফলি।
Revelation 15:8 in Assamese 8 ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।