1 Kings 8:29 in Assamese 29 হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাওক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷
Other Translations King James Version (KJV) That thine eyes may be open toward this house night and day, even toward the place of which thou hast said, My name shall be there: that thou mayest hearken unto the prayer which thy servant shall make toward this place.
American Standard Version (ASV) that thine eyes may be open toward this house night and day, even toward the place whereof thou hast said, My name shall be there; to hearken unto the prayer which thy servant shall pray toward this place.
Bible in Basic English (BBE) That your eyes may be open to this house night and day, to this place of which you have said, My name will be there; hearing the prayer which your servant may make, turning to this place.
Darby English Bible (DBY) that thine eyes may be open upon this house night and day, upon the place of which thou hast said, My name shall be there: to hearken unto the prayer which thy servant prayeth toward this place.
Webster's Bible (WBT) That thy eyes may be open towards this house night and day, even towards the place of which thou hast said, My name shall be there: that thou mayest hearken to the prayer which thy servant shall make towards this place.
World English Bible (WEB) that your eyes may be open toward this house night and day, even toward the place of which you have said, My name shall be there; to listen to the prayer which your servant shall pray toward this place.
Young's Literal Translation (YLT) for Thine eyes being open towards this house night and day, towards the place of which Thou hast said, My Name is there; to hearken unto the prayer which Thy servant prayeth towards this place.
Cross Reference Exodus 20:24 in Assamese 24 তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, ভেড়া, আৰু ষাড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
Deuteronomy 12:11 in Assamese 11 তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
Deuteronomy 16:2 in Assamese 2 ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ভেড়া, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
Deuteronomy 16:6 in Assamese 6 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
Deuteronomy 26:2 in Assamese 2 তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
1 Kings 8:16 in Assamese 16 ‘মোৰ প্ৰজা ইস্ৰায়েলসকলক মিচৰৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ বাবে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ আটাই জনগোষ্ঠীৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই৷ কিন্তু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক মনোনীত কৰিলোঁ।’
1 Kings 8:43 in Assamese 43 তেতিয়া, আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য্য কৰিব। আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, তাকো যেন জানিব৷
1 Kings 8:52 in Assamese 52 আপোনাৰ দাস আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলী লোকসকলে যি কোনো সময়ত প্ৰাৰ্থনা কৰিব, সেই সময়ত তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবলৈ আপোনাৰ দাস আৰু আপোনাৰ প্ৰজাৰ সেই মিনতিলৈ আপোনাৰ চকু যেন মুকলি হৈ থাকে, এই কাৰণে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব।
1 Kings 11:36 in Assamese 36 আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক জনগোষ্ঠী দিম।
2 Kings 19:16 in Assamese 16 হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
2 Kings 21:4 in Assamese 4 যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
2 Kings 21:7 in Assamese 7 তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
2 Kings 23:27 in Assamese 27 সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলো, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলো, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
2 Chronicles 6:5 in Assamese 5 ‘মোৰ প্ৰজা ইস্ৰায়েলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্ম্মান কৰিবলৈ ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজত কোনো নগৰ মনোনীত কৰা নাই আৰু ইস্ৰায়েলৰ ওপৰত ৰাজকুমাৰ হ’বৰ কাৰণে মই কাকো মনোনীত কৰা নাই৷
2 Chronicles 6:20 in Assamese 20 আৰু এই মন্দিৰ সদায় ৰক্ষা কৰক, যি ঠাইত আপুনি কৈছিল, যে মই আপোনাৰ দাসে নিবেদন কৰোতে আপুনি নিজেই ইয়াত উপস্থিত থাকি মোৰ নিবেদন শুনিব৷
2 Chronicles 6:40 in Assamese 40 এতিয়া, হে মোৰ ঈশ্বৰ, মই বিনয় কৰোঁ, এই ঠাইত কৰা প্ৰাৰ্থনালৈ আপোনাৰ চকু মেলা আৰু কাণো পতা হওঁক।
2 Chronicles 7:15 in Assamese 15 আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।
2 Chronicles 16:9 in Assamese 9 কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
2 Chronicles 20:8 in Assamese 8 তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্ম্মধাম সাজি লৈ কৈছিল,
2 Chronicles 33:4 in Assamese 4 আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে।
2 Chronicles 33:7 in Assamese 7 আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলো, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
Nehemiah 1:6 in Assamese 6 আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্ৱীকাৰ কৰিছোঁ।
Nehemiah 1:9 in Assamese 9 কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।
Psalm 34:15 in Assamese 15 যিহোৱাৰ দৃষ্টি ধার্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
Daniel 6:10 in Assamese 10 যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; (সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিৰিকীবোৰ যিৰূচালেমৰ ফালে খোলা আছিল), আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
Daniel 9:18 in Assamese 18 হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
John 14:13 in Assamese 13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।