1 Kings 17:1 in Assamese 1 পাছত গিলিয়দ-প্ৰৱাসীসকলৰ মাজৰ তিচবীয়া এলীয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰেহে হ’ব।”
Other Translations King James Version (KJV) And Elijah the Tishbite, who was of the inhabitants of Gilead, said unto Ahab, As the LORD God of Israel liveth, before whom I stand, there shall not be dew nor rain these years, but according to my word.
American Standard Version (ASV) And Elijah the Tishbite, who was of the sojourners of Gilead, said unto Ahab, As Jehovah, the God of Israel, liveth, before whom I stand, there shall not be dew nor rain these years, but according to my word.
Bible in Basic English (BBE) And Elijah the Tishbite, of Tishbe in Gilead, said to Ahab, By the living Lord, the God of Israel, whose servant I am, there will be no dew or rain in these years, but only at my word.
Darby English Bible (DBY) And Elijah the Tishbite, of the inhabitants of Gilead, said to Ahab, As Jehovah the God of Israel liveth, before whom I stand, there shall not be dew nor rain these years, except by my word.
Webster's Bible (WBT) And Elijah the Tishbite who was of the inhabitants of Gilead, said to Ahab, As the LORD God of Israel liveth, before whom I stand, there shall not be dew nor rain these years, but according to my word.
World English Bible (WEB) Elijah the Tishbite, who was of the foreigners of Gilead, said to Ahab, As Yahweh, the God of Israel, lives, before whom I stand, there shall not be dew nor rain these years, but according to my word.
Young's Literal Translation (YLT) And Elijah the Tishbite, of the inhabitants of Gilead, saith unto Ahab, `Jehovah, God of Israel, liveth, before whom I have stood, there is not these years dew and rain, except according to my word.'
Cross Reference Deuteronomy 10:8 in Assamese 8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীর্বাদ কৰিবলৈ লেবীয়া জনগোষ্ঠীক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
Judges 12:4 in Assamese 4 পাছত যিপ্তহে গিলিয়দৰ সকলো লোকক গোটাই ইফ্ৰয়িমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “হেৰৌ গিলিয়দীয়াসকল, তহঁত ইফ্ৰয়িমৰ আৰু মনচিৰ মাজৰ পৰা পলাই অহা ইফ্ৰয়িমীয়া মানুহ।” সেই যুদ্ধত গিলিয়দৰ লোকসকলে ইফ্রয়িমীয়া লোকসকলক পৰাস্ত কৰিলে।
1 Kings 18:1 in Assamese 1 বহুদিনৰ পাছত যিহোৱাৰ বাক্য এলিয়ালৈ আহিল; সেয়া আছিল বৰষুন নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহোৱাই ক’লে, “তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম।”
1 Kings 18:10 in Assamese 10 আপোনাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ প্ৰভু ৰজাই আপোনাক বিচাৰিবলৈ মানুহ নপঠিওৱা এনে কোনো দেশ বা ৰাজ্য নাই। সেই দেশ বা ৰাজ্যৰ লোকে যেতিয়া ‘এলিয়া ইয়াত নাই’ এইদৰে কয়, তেতিয়া তেওঁলোকে আপোনাক যে বিচাৰি পোৱা নাই, সেই বিষয়ে সঠিক কৰিবলৈ ৰজাই আপোনাক বিচাৰিবলৈ পঠোৱা লোকসকলক শপতো খুৱাইছিল।
1 Kings 18:15 in Assamese 15 তাতে এলিয়াই ক’লে, “মই যিজনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই বাহিনীসকলৰ যিহোৱাৰ জীৱনৰ শপত, মই আজি নিশ্চয়ে আহবক দেখা দিম।”
1 Kings 22:14 in Assamese 14 তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
2 Kings 3:14 in Assamese 14 ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেতেঁন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাচালোওহেঁতেন।
2 Kings 5:16 in Assamese 16 ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
Isaiah 49:18 in Assamese 18 চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছো”এয়া যিহোৱাৰ ঘোষনা-“তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
Jeremiah 15:19 in Assamese 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্বৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
Matthew 7:29 in Assamese 29 কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন অধিকাৰ থকা লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।
Matthew 11:14 in Assamese 14 অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
Matthew 16:14 in Assamese 14 তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
Matthew 27:47 in Assamese 47 তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, “তেওঁ এলিয়াক মাতিছে।”
Matthew 27:49 in Assamese 49 কিন্তু আনবোৰে ক’লে, “অকলে থাকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ।”
Luke 1:17 in Assamese 17 তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
Luke 1:19 in Assamese 19 তেতিয়া দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতত মই থিয় হৈ থাকো; তোমাৰ সৈতে কথা হ’বলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
Luke 4:25 in Assamese 25 মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্রায়েল দেশত অনেক বিধৱা আছিল;
Luke 9:30 in Assamese 30 সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
Luke 9:33 in Assamese 33 তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
Luke 9:54 in Assamese 54 ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই ক’লে, “হে প্ৰভু, আকাশৰ পৰা জুই ওলাই সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”
Luke 21:36 in Assamese 36 কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
John 1:21 in Assamese 21 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি? তেওঁ উত্তৰ দিলে, “নহওঁ।”
John 1:25 in Assamese 25 “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
Acts 27:23 in Assamese 23 কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
Romans 11:2 in Assamese 2 ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত ধৰ্মশাস্ত্ৰৰ বচনে কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,
James 5:17 in Assamese 17 এলিয়া, আমাৰ নিচিনা সুখ-দুখ অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Revelation 11:6 in Assamese 6 তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।