1 Kings 16:31 in Assamese 31 নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চিদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
Other Translations King James Version (KJV) And it came to pass, as if it had been a light thing for him to walk in the sins of Jeroboam the son of Nebat, that he took to wife Jezebel the daughter of Ethbaal king of the Zidonians, and went and served Baal, and worshipped him.
American Standard Version (ASV) And it came to pass, as if it had been a light thing for him to walk in the sins of Jeroboam the son of Nebat, that he took to wife Jezebel the daughter of Ethbaal king of the Sidonians, and went and served Baal, and worshipped him.
Bible in Basic English (BBE) And as if copying the evil ways of Jeroboam, the son of Nebat, was a small thing for him, he took as his wife Jezebel, daughter of Ethbaal, king of Zidon, and became a servant and worshipper of Baal.
Darby English Bible (DBY) And it came to pass, as if it was a light thing for him to walk in the sins of Jeroboam the son of Nebat, that he took as wife Jezebel the daughter of Ethbaal king of the Zidonians; and he went and served Baal and worshipped him.
Webster's Bible (WBT) And it came to pass, as if it had been a light thing for him to walk in the sins of Jeroboam the son of Nebat, that he took to wife Jezebel the daughter of Ethbaal king of the Zidonians, and went and served Baal, and worshiped him.
World English Bible (WEB) It happened, as if it had been a light thing for him to walk in the sins of Jeroboam the son of Nebat, that he took as wife Jezebel the daughter of Ethbaal king of the Sidonians, and went and served Baal, and worshiped him.
Young's Literal Translation (YLT) And it cometh to pass -- hath it been light his walking in the sins of Jeroboam son of Nebat? -- then he taketh a wife, Jezebel daughter of Ethbaal, king of the Zidonians, and goeth and serveth Baal, and boweth himself to it,
Cross Reference Genesis 6:2 in Assamese 2 ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
Genesis 30:15 in Assamese 15 তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”
Numbers 16:9 in Assamese 9 ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ দাস্যকৰ্ম্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্য্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
Deuteronomy 7:3 in Assamese 3 নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।
Joshua 23:12 in Assamese 12 নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
Judges 2:11 in Assamese 11 সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
Judges 3:7 in Assamese 7 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পুজা কৰিবলৈ ধৰিলে।
Judges 10:6 in Assamese 6 ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু ফিলিস্তীনীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।
Judges 10:12 in Assamese 12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমলোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
Judges 18:7 in Assamese 7 তাৰ পাছত সেই পাঁচজনে লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
1 Kings 11:1 in Assamese 1 সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিলঃ ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
1 Kings 11:4 in Assamese 4 কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
1 Kings 18:4 in Assamese 4 কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।
1 Kings 18:19 in Assamese 19 এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”
1 Kings 19:1 in Assamese 1 পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্য্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।
1 Kings 21:5 in Assamese 5 তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি যে আহাৰ গ্ৰহন কৰা নাই, তোমাৰ মনত এনে কি বেজাৰ আছে?”
1 Kings 21:25 in Assamese 25 কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
2 Kings 9:30 in Assamese 30 তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকীয়েদি চালে।
2 Kings 10:18 in Assamese 18 তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
2 Kings 17:16 in Assamese 16 তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
Nehemiah 13:23 in Assamese 23 সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচদোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
Isaiah 7:13 in Assamese 13 সেয়ে যিচয়াই উওৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
Ezekiel 8:17 in Assamese 17 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য্য কৰিছে, সেই সকলো কাৰ্য্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
Ezekiel 16:20 in Assamese 20 “ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্ম্মবোৰ সামান্য বিষয় আছিল নে?
Ezekiel 16:47 in Assamese 47 তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য্য অনুসাৰে যে কাৰ্য্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা হ’লা।
Ezekiel 34:18 in Assamese 18 এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
Revelation 2:20 in Assamese 20 তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাৱবাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।