1 Kings 1:34 in Assamese 34 সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱী হওক!’
Other Translations King James Version (KJV) And let Zadok the priest and Nathan the prophet anoint him there king over Israel: and blow ye with the trumpet, and say, God save king Solomon.
American Standard Version (ASV) and let Zadok the priest and Nathan the prophet anoint him there king over Israel; and blow ye the trumpet, and say, `Long' live king Solomon.
Bible in Basic English (BBE) And there let Zadok the priest and Nathan the prophet put the holy oil on him to make him king over Israel; and sounding the horn say, Long life to King Solomon!
Darby English Bible (DBY) and let Zadok the priest and Nathan the prophet anoint him there king over Israel; and blow ye with the trumpet, and say, Long live king Solomon!
Webster's Bible (WBT) And let Zadok the priest and Nathan the prophet anoint him there king over Israel: and blow ye with the trumpet, and say, God save king Solomon.
World English Bible (WEB) and let Zadok the priest and Nathan the prophet anoint him there king over Israel; and blow you the trumpet, and say, [Long] live king Solomon.
Young's Literal Translation (YLT) and anointed him there hath Zadok the priest -- and Nathan the prophet -- for king over Israel, and ye have blown with a trumpet, and said, Let king Solomon live;
Cross Reference 1 Samuel 10:1 in Assamese 1 তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, “যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
1 Samuel 16:3 in Assamese 3 সেই যজ্ঞলৈ যিচয়ক নিমন্ত্ৰণ কৰিবা, আৰু তুমি কি কৰিব লাগে, মই তোমাক দেখুৱাম; মই তোমাৰ আগত যিজনৰ বিষয়ে ক’ম, তুমি মোৰ কাৰণে সেই জনকেই অভিষেক কৰিবা।”
1 Samuel 16:12 in Assamese 12 যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।
2 Samuel 2:4 in Assamese 4 তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
2 Samuel 5:3 in Assamese 3 এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ূদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
2 Samuel 15:10 in Assamese 10 কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই জনগোষ্ঠীৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
1 Kings 1:25 in Assamese 25 কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাড়, হৃষ্ট-পুষ্ট গৰু পোৱালি, ভেড়া আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱী হওঁক!’
1 Kings 19:16 in Assamese 16 আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহুক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল মহোলাত থকা চাফতৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
2 Kings 9:3 in Assamese 3 তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলো।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
2 Kings 9:6 in Assamese 6 তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
2 Kings 9:13 in Assamese 13 তেতিয়া সেই সেনাপতিসকলৰ প্রতেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
2 Kings 11:12 in Assamese 12 তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱী হওঁক।”
2 Kings 11:14 in Assamese 14 তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞঁৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”
2 Chronicles 23:11 in Assamese 11 তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱী হওঁক।”
Psalm 45:7 in Assamese 7 তুমি ধাৰ্ম্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
Psalm 89:20 in Assamese 20 মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Psalm 89:36 in Assamese 36 তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্য্যৰ দৰে চিৰস্থায়ী হব।
Psalm 98:5 in Assamese 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
Isaiah 45:1 in Assamese 1 যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
Acts 10:38 in Assamese 38 সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু শক্তিৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
2 Corinthians 1:21 in Assamese 21 এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷