1 John 3:14 in Assamese 14 আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
Other Translations King James Version (KJV) We know that we have passed from death unto life, because we love the brethren. He that loveth not his brother abideth in death.
American Standard Version (ASV) We know that we have passed out of death into life, because we love the brethren. He that loveth not abideth in death.
Bible in Basic English (BBE) We are conscious that we have come out of death into life because of our love for the brothers. He who has no love is still in death.
Darby English Bible (DBY) *We* know that we have passed from death to life, because we love the brethren. He who does not love [his] brother abides in death.
World English Bible (WEB) We know that we have passed out of death into life, because we love the brothers. He who doesn't love his brother remains in death.
Young's Literal Translation (YLT) we -- we have known that we have passed out of the death to the life, because we love the brethren; he who is not loving the brother doth remain in the death.
Cross Reference Psalm 16:3 in Assamese 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
Proverbs 21:16 in Assamese 16 যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
Matthew 25:40 in Assamese 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Luke 15:24 in Assamese 24 কিয়নো মোৰ এই ল’ৰা মৰি গৈছিল, আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল, কিন্তু এতিয়া বিচাৰি পাইছো’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।
Luke 15:32 in Assamese 32 কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে’৷”
John 5:24 in Assamese 24 মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
John 13:35 in Assamese 35 তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”
John 15:12 in Assamese 12 এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
John 15:17 in Assamese 17 মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা।
2 Corinthians 5:1 in Assamese 1 কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 1:15 in Assamese 15 এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
Ephesians 2:1 in Assamese 1 পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Ephesians 2:5 in Assamese 5 তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;
Colossians 1:4 in Assamese 4 আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,
1 Thessalonians 4:9 in Assamese 9 ভাতৃ প্ৰেমৰ বিষয়ে হলে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
Hebrews 6:10 in Assamese 10 কিয়নো ঈশ্বৰ এনে অধাৰ্মিক বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
Hebrews 13:1 in Assamese 1 ভাতৃ-প্ৰেম চলি থাকক।
1 Peter 1:22 in Assamese 22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ প্ৰাণ শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
1 Peter 3:8 in Assamese 8 অৱশেষত কওঁ, আপোনালোক সকলোৱে একে চিত্তৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
2 Peter 1:7 in Assamese 7 ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক।
1 John 2:3 in Assamese 3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
1 John 2:9 in Assamese 9 মই পোহৰতে আছোঁ, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।
1 John 3:23 in Assamese 23 তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা।
1 John 4:7 in Assamese 7 হে প্ৰিয় লোক সকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
1 John 4:12 in Assamese 12 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
1 John 4:20 in Assamese 20 কোনোৱে যদি কয়, “মই ঈশ্বৰক প্ৰেম কৰোঁ”, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।
1 John 5:2 in Assamese 2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
1 John 5:13 in Assamese 13 ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ।
1 John 5:19 in Assamese 19 আমি জানো যে, আমি ঈশ্বৰৰ হওঁ আৰু গোটেই জগত মিছাকৈয়ে পাপ আত্মাৰ অধীনত আছে৷