1 John 3:12 in Assamese 12 আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ পাপ আত্মাৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে, পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
Other Translations King James Version (KJV) Not as Cain, who was of that wicked one, and slew his brother. And wherefore slew he him? Because his own works were evil, and his brother's righteous.
American Standard Version (ASV) not as Cain was of the evil one, and slew his brother. And wherefore slew he him? Because his works were evil, and his brother's righteous.
Bible in Basic English (BBE) Not being of the Evil One like Cain, who put his brother to death. And why did he put him to death? Because his works were evil and his brother's works were good.
Darby English Bible (DBY) not as Cain was of the wicked one, and slew his brother; and on account of what slew he him? because his works were wicked, and those of his brother righteous.
World English Bible (WEB) unlike Cain, who was of the evil one, and killed his brother. Why did he kill him? Because his works were evil, and his brother's righteous.
Young's Literal Translation (YLT) not as Cain -- of the evil one he was, and he did slay his brother, and wherefore did he slay him? because his works were evil, and those of his brother righteous.
Cross Reference Genesis 4:4 in Assamese 4 হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
Genesis 4:25 in Assamese 25 পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।”
1 Samuel 18:14 in Assamese 14 আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
1 Samuel 19:4 in Assamese 4 তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
1 Samuel 22:14 in Assamese 14 তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসসকলৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰাজৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।”
Psalm 37:12 in Assamese 12 দুষ্টই ধাৰ্ম্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।
Psalm 38:20 in Assamese 20 মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰো, তেওঁলোক মোৰ বিৰোধী।
Proverbs 29:10 in Assamese 10 নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।
Proverbs 29:27 in Assamese 27 অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।
Matthew 13:19 in Assamese 19 যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই আহি, তেওঁৰ হৃদয়ত যিবোৰ সিচাঁ হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
Matthew 13:38 in Assamese 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে দুষ্ট সন্তান।
Matthew 23:35 in Assamese 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
Matthew 27:23 in Assamese 23 তেতিয়া তেওঁ ক’লে, “কিয়? তেওঁ কি দোষ কৰিলে?” কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক।”
Luke 11:51 in Assamese 51 হয়, মই আপোনালোকক কওঁ, হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি, যি জখৰিয়াক যজ্ঞৰ বেদী আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হ’ব৷
John 10:32 in Assamese 32 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
John 15:19 in Assamese 19 তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।
John 18:38 in Assamese 38 পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
Acts 7:52 in Assamese 52 এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
1 Thessalonians 2:14 in Assamese 14 হে ভাই সকল, যিহূদাত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকৰ অৱস্থা সেই মণ্ডলীবোৰৰ নিচিনা; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।
Hebrews 11:4 in Assamese 4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়ে তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
Hebrews 12:24 in Assamese 24 নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা জনৰ চতিয়াই দিয়া তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
1 Peter 4:4 in Assamese 4 তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
1 John 2:13 in Assamese 13 হে পিতৃ সকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যি জন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱক সকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে পাপ আত্মাক জয় কৰিলা৷ হে শিশু সকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃক জানিলা৷
1 John 3:8 in Assamese 8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
Revelation 17:6 in Assamese 6 সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।