1 John 2:8 in Assamese 8 অৱশ্যে মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হ’ব ধৰিছে৷
Other Translations King James Version (KJV) Again, a new commandment I write unto you, which thing is true in him and in you: because the darkness is past, and the true light now shineth.
American Standard Version (ASV) Again, a new commandment write I unto you, which thing is true in him and in you; because the darkness is passing away, and the true light already shineth.
Bible in Basic English (BBE) Again, I give you a new law, which is true in him and in you; for the night is near its end and the true light is even now shining out.
Darby English Bible (DBY) Again, I write a new commandment to you, which thing is true in him and in you, because the darkness is passing and the true light already shines.
World English Bible (WEB) Again, I write a new commandment to you, which is true in him and in you; because the darkness is passing away, and the true light already shines.
Young's Literal Translation (YLT) again, a new command I write to you, which thing is true in him and in you, because the darkness doth pass away, and the true light doth now shine;
Cross Reference Psalm 27:1 in Assamese 1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
Psalm 36:9 in Assamese 9 কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
Psalm 84:11 in Assamese 11 কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢালস্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
Song of Solomon 2:11 in Assamese 11 চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
Isaiah 9:2 in Assamese 2 আন্ধাৰত ফুৰা সকলে মহাজ্যোতি দেখিলে; মৃত্যু ছায়াৰ দেশত বাস কৰা সকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ’ল।
Isaiah 60:1 in Assamese 1 উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Matthew 4:16 in Assamese 16 যিসকল লোকে অন্ধকাৰত বাস কৰি আছিল, তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যিসকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল, তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
Luke 1:79 in Assamese 79 অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক তেওঁ পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
John 1:4 in Assamese 4 জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
John 1:9 in Assamese 9 সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
John 8:12 in Assamese 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
John 12:35 in Assamese 35 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
John 12:46 in Assamese 46 মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
John 13:34 in Assamese 34 মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
John 15:12 in Assamese 12 এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
Acts 17:30 in Assamese 30 এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে, কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
Acts 26:18 in Assamese 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ’৷”
Romans 13:12 in Assamese 12 ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
2 Corinthians 4:4 in Assamese 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ মহিমা প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ জগতৰ অধিকাৰীয়ে সেই অবিশ্বাসী লোক সকলৰ মন (জ্ঞান-চকু) অন্ধ কৰিলে।
2 Corinthians 8:9 in Assamese 9 কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
Ephesians 5:1 in Assamese 1 এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।
Ephesians 5:8 in Assamese 8 কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।
1 Thessalonians 5:4 in Assamese 4 কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
2 Timothy 1:10 in Assamese 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে।
1 Peter 1:21 in Assamese 21 তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আশা ঈশ্ৱৰত আছে।
1 Peter 4:1 in Assamese 1 এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
1 John 3:14 in Assamese 14 আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
1 John 4:11 in Assamese 11 হে প্ৰিয় সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।
1 John 4:21 in Assamese 21 যি জনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ।