1 John 2:13 in Assamese 13 হে পিতৃ সকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যি জন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱক সকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে পাপ আত্মাক জয় কৰিলা৷ হে শিশু সকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃক জানিলা৷
Other Translations King James Version (KJV) I write unto you, fathers, because ye have known him that is from the beginning. I write unto you, young men, because ye have overcome the wicked one. I write unto you, little children, because ye have known the Father.
American Standard Version (ASV) I write unto you, fathers, because ye know him who is from the beginning. I write unto you, young men, because ye have overcome the evil one. I have written unto you, little children, because ye know the Father.
Bible in Basic English (BBE) I am writing to you, fathers, because you have knowledge of him who was from the first. I am writing to you, young men, because you have overcome the Evil One. I have sent a letter to you, children, because you have knowledge of the Father.
Darby English Bible (DBY) I write to you, fathers, because ye have known him [that is] from the beginning. I write to you, young men, because ye have overcome the wicked [one]. I write to you, little children, because ye have known the Father.
World English Bible (WEB) I write to you, fathers, because you know him who is from the beginning. I write to you, young men, because you have overcome the evil one. I write to you, little children, because you know the Father.
Young's Literal Translation (YLT) I write to you, fathers, because ye have known him who `is' from the beginning; I write to you, young men, because ye have overcome the evil. I write to you, little youths, because ye have known the Father:
Cross Reference Psalm 90:2 in Assamese 2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ পূৰ্ব্বেই, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Psalm 91:14 in Assamese 14 কিয়নো তেওঁ মোত প্রেম কৰে, সেয়েহে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
Psalm 148:12 in Assamese 12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
Proverbs 20:29 in Assamese 29 যুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
Joel 2:28 in Assamese 28 তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Zechariah 9:17 in Assamese 17 কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।
Matthew 11:27 in Assamese 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে; পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
Matthew 13:19 in Assamese 19 যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই আহি, তেওঁৰ হৃদয়ত যিবোৰ সিচাঁ হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
Matthew 13:38 in Assamese 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে দুষ্ট সন্তান।
Luke 10:22 in Assamese 22 মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
John 8:19 in Assamese 19 তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।
John 8:54 in Assamese 54 যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
John 14:7 in Assamese 7 তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
John 14:9 in Assamese 9 যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ ক’ব পাৰিলা?
John 16:3 in Assamese 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
John 17:3 in Assamese 3 এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
John 17:21 in Assamese 21 গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
2 Corinthians 4:6 in Assamese 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ মহিমা প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যিজনা ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেইজনা ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
Ephesians 6:10 in Assamese 10 অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
1 Timothy 5:1 in Assamese 1 বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
Titus 2:6 in Assamese 6 সেইদৰে যুৱক সকলকো সুবোধ হ’বলৈ উদগোৱা৷
1 Peter 5:8 in Assamese 8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
1 John 1:1 in Assamese 1 যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
1 John 2:3 in Assamese 3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
1 John 2:12 in Assamese 12 হে প্রিয় সন্তান সকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷
1 John 2:14 in Assamese 14 হে পিতৃ সকল, যি জন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে অাপোনালোকলৈ লিখিলোঁ। হে ডেকা সকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে পাপ আত্মাক জয় কৰিছা; এই কাৰণে তোমালোকলৈ লিখিলোঁ।
1 John 3:12 in Assamese 12 আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ পাপ আত্মাৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে, পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
1 John 4:4 in Assamese 4 হে প্ৰিয় সন্তান সকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মাবোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
1 John 5:4 in Assamese 4 যি সকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
1 John 5:18 in Assamese 18 আমি জানো যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যি জনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক পাপ আত্মাৰ পৰা ধৰি ৰাখে; আৰু পাপ-আত্মাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।