1 Corinthians 8:4 in Assamese 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে “জগত খনত মূৰ্তি বুলি প্ৰকৃততে একোৱে নাই” আৰু “এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই”।
Other Translations King James Version (KJV) As concerning therefore the eating of those things that are offered in sacrifice unto idols, we know that an idol is nothing in the world, and that there is none other God but one.
American Standard Version (ASV) Concerning therefore the eating of things sacrificed to idols, we know that no idol is `anything' in the world, and that there is no God but one.
Bible in Basic English (BBE) So, then, as to the question of taking food offered to images, we are certain that an image is nothing in the world, and that there is no God but one.
Darby English Bible (DBY) -- concerning then the eating of things sacrificed to idols, we know that an idol [is] nothing in [the] world, and that there [is] no other God save one.
World English Bible (WEB) Therefore concerning the eating of things sacrificed to idols, we know that no idol is anything in the world, and that there is no other God but one.
Young's Literal Translation (YLT) Concerning the eating then of the things sacrificed to idols, we have known that an idol `is' nothing in the world, and that there is no other God except one;
Cross Reference Deuteronomy 3:24 in Assamese 24 “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে?
Deuteronomy 4:35 in Assamese 35 যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
Deuteronomy 4:39 in Assamese 39 এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Deuteronomy 6:4 in Assamese 4 হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
Deuteronomy 32:39 in Assamese 39 এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; ময়ে মাৰো, আৰু ময়েই জীয়াওঁ; ময়ে ঘাঁ লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Psalm 115:4 in Assamese 4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য্য।
Isaiah 37:16 in Assamese 16 “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Isaiah 37:20 in Assamese 20 এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
Isaiah 41:24 in Assamese 24 চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
Isaiah 44:6 in Assamese 6 ইস্ৰায়েলৰ ৰজাক , তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Isaiah 44:8 in Assamese 8 তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্ব্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:5 in Assamese 5 ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
Isaiah 45:14 in Assamese 14 যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কূচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব।তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰৰ্থনা কৰিব, ‘ নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Jeremiah 10:14 in Assamese 14 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
Jeremiah 51:17 in Assamese 17 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূণ্য প্ৰতিজন সোণাৰি তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই।
Habakkuk 2:19 in Assamese 19 যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।
Mark 12:29 in Assamese 29 যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Acts 19:26 in Assamese 26 কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
1 Corinthians 8:1 in Assamese 1 এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
1 Corinthians 8:6 in Assamese 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছোঁ। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট হ’ল আৰু আমিও জীয়াই আছোঁ।
1 Corinthians 8:10 in Assamese 10 আপোনাৰ জ্ঞান আছে; কিন্তু যি জনৰ বিবেক দুর্বল, সেই জনে যদি আপোনাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেনেহলে সেই লোক জনে জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহ’ব?
1 Corinthians 10:19 in Assamese 19 তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
Ephesians 4:6 in Assamese 6 এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
1 Timothy 2:5 in Assamese 5 কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;
Jude 1:25 in Assamese 25 তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্রাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।