1 Corinthians 5:8 in Assamese 8 এতেকে আহক, আমি পুৰণি খমিৰৰ পিঠাৰ দৰে পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু খমিৰবিহীন পিঠাৰ দৰে সৰলতা আৰু সত্যতাৰ পৰ্ব পালন কৰোঁহক।
Other Translations King James Version (KJV) Therefore let us keep the feast, not with old leaven, neither with the leaven of malice and wickedness; but with the unleavened bread of sincerity and truth.
American Standard Version (ASV) wherefore let us keep the feast, not with old leaven, neither with the leaven of malice and wickedness, but with the unleavened bread of sincerity and truth.
Bible in Basic English (BBE) Let us then keep the feast, not with old leaven, and not with the leaven of evil thoughts and acts, but with the unleavened bread of true thoughts and right feelings.
Darby English Bible (DBY) so that let us celebrate the feast, not with old leaven, nor with leaven of malice and wickedness, but with unleavened [bread] of sincerity and truth.
World English Bible (WEB) Therefore let us keep the feast, not with old yeast, neither with the yeast of malice and wickedness, but with the unleavened bread of sincerity and truth.
Young's Literal Translation (YLT) so that we may keep the feast, not with old leaven, nor with the leaven of evil and wickedness, but with unleavened food of sincerity and truth.
Cross Reference Exodus 12:15 in Assamese 15 তোমালোকে সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যি কোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তেওঁক ইস্ৰায়েলৰ পৰা উচ্ছন্ন কৰা হ’ব।
Exodus 13:6 in Assamese 6 সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিব; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
Leviticus 23:6 in Assamese 6 আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
Numbers 28:16 in Assamese 16 পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ পৰ্ব্ব হ’ব।
Deuteronomy 16:3 in Assamese 3 মিছৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
Deuteronomy 16:16 in Assamese 16 ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমিৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-উৎসৱত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
Joshua 24:14 in Assamese 14 এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্ব্ব পুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
Psalm 32:2 in Assamese 2 ধন্য সেই ব্যক্তি, যি মানুহৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যাৰ মনত কোনো ছলনা নাই।
Psalm 42:4 in Assamese 4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোকসমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
Isaiah 25:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।
Isaiah 30:29 in Assamese 29 পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ’ব, যিহোৱাৰ পৰ্ব্বতলৈ, ইস্ৰায়েলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ’ব।
Matthew 16:6 in Assamese 6 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
Matthew 16:12 in Assamese 12 তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
Matthew 26:4 in Assamese 4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
Mark 8:15 in Assamese 15 এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
Luke 12:1 in Assamese 1 এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক ক’বলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।
John 1:47 in Assamese 47 যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্ৰকৃত ইস্রায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
John 18:28 in Assamese 28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰপৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
1 Corinthians 3:3 in Assamese 3 কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? জগতৰ সাধাৰণ মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?
1 Corinthians 5:1 in Assamese 1 আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
1 Corinthians 5:6 in Assamese 6 আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
1 Corinthians 6:9 in Assamese 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই বিষয়ে আপোনালোকে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
2 Corinthians 1:12 in Assamese 12 এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
2 Corinthians 8:8 in Assamese 8 এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা তুলনা কৰি প্ৰমাণ কৰিছোঁ।
2 Corinthians 12:20 in Assamese 20 কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
Ephesians 6:24 in Assamese 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
1 Peter 2:1 in Assamese 1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
1 John 3:18 in Assamese 18 হে প্রিয় সকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।