1 Corinthians 4:7 in Assamese 7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
Other Translations King James Version (KJV) For who maketh thee to differ from another? and what hast thou that thou didst not receive? now if thou didst receive it, why dost thou glory, as if thou hadst not received it?
American Standard Version (ASV) For who maketh thee to differ? and what hast thou that thou didst not receive? but if thou didst receive it, why dost thou glory as if thou hadst not received it?
Bible in Basic English (BBE) For who made you better than your brother? or what have you that has not been given to you? but if it has been given to you, what cause have you for pride, as if it had not been given to you?
Darby English Bible (DBY) For who makes thee to differ? and what hast thou which thou hast not received? but if also thou hast received, why boastest thou as not receiving?
World English Bible (WEB) For who makes you different? And what do you have that you didn't receive? But if you did receive it, why do you boast as if you had not received it?
Young's Literal Translation (YLT) for who doth make thee to differ? and what hast thou, that thou didst not receive? and if thou didst also receive, why dost thou glory as not having received?
Cross Reference 1 Chronicles 29:11 in Assamese 11 হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
2 Chronicles 1:7 in Assamese 7 সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
2 Chronicles 32:23 in Assamese 23 তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতিসকলৰ দৃষ্টিত মহান হ’ব।
Proverbs 2:6 in Assamese 6 কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
Ezekiel 28:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাসকলৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
Ezekiel 29:3 in Assamese 3 ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
Daniel 4:30 in Assamese 30 ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
Daniel 5:18 in Assamese 18 হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদনেচৰক ৰজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
Daniel 5:23 in Assamese 23 স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Matthew 25:14 in Assamese 14 কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
Luke 19:13 in Assamese 13 তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা* ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’
John 1:16 in Assamese 16 আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
John 3:27 in Assamese 27 যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
Acts 12:22 in Assamese 22 তেতিয়া লোক সকলে ৰিঙিয়াই ক’লে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
Romans 1:5 in Assamese 5 তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;
Romans 9:16 in Assamese 16 এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।
Romans 12:3 in Assamese 3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
Romans 12:6 in Assamese 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
1 Corinthians 3:5 in Assamese 5 তেনেহলে আপল্লো কোন? বা পৌল কোন? এওঁলোক মাথোন ঈশ্বৰৰ পৰিচৰ্যাকাৰী; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
1 Corinthians 5:6 in Assamese 6 আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
1 Corinthians 7:7 in Assamese 7 মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
1 Corinthians 12:4 in Assamese 4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা এক;
1 Corinthians 15:10 in Assamese 10 তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; অকল ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
Ephesians 3:3 in Assamese 3 সেইদৰে ঈশ্বৰে মোক তেওঁৰ যি প্ৰকাশিত বাক্য জানিবলৈ দিলে, সেই সত্যৰ নিগূঢ়-তত্ব বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
2 Thessalonians 2:12 in Assamese 12 যি সকলে সত্যতাত বিশ্বাস নকৰাকৈ অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ সোধ-বিচাৰ হ’ব।
1 Timothy 1:12 in Assamese 12 যি জনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
James 1:17 in Assamese 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
1 Peter 4:10 in Assamese 10 আপোনালোকে যেনেকৈ অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্বাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;