1 Corinthians 4:17 in Assamese 17 এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসযোগ্য পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্টত মোৰ পন্থাবোৰৰ বিষয়ে সোঁৱৰাই দিব, মই এইবোৰ শিক্ষা সকলো ঠাইত আৰু সকলো মণ্ডলীতে দি থাকোঁ।
Other Translations King James Version (KJV) For this cause have I sent unto you Timotheus, who is my beloved son, and faithful in the Lord, who shall bring you into remembrance of my ways which be in Christ, as I teach every where in every church.
American Standard Version (ASV) For this cause have I sent unto you Timothy, who is my beloved and faithful child in the Lord, who shall put you in remembrance of my ways which are in Christ, even as I teach everywhere in every church.
Bible in Basic English (BBE) For this cause I have sent Timothy to you, who is my dear and true child in the Lord; he will make clear to you my ways in Christ, even as I am teaching everywhere in every church.
Darby English Bible (DBY) For this reason I have sent to you Timotheus, who is my beloved and faithful child in [the] Lord, who shall put you in mind of my ways [as] they [are] in Christ, according as I teach everywhere in every assembly.
World English Bible (WEB) Because of this I have sent Timothy to you, who is my beloved and faithful child in the Lord, who will remind you of my ways which are in Christ, even as I teach everywhere in every assembly.
Young's Literal Translation (YLT) because of this I sent to you Timotheus, who is my child, beloved and faithful in the Lord, who shall remind you of my ways in Christ, according as everywhere in every assembly I teach.
Cross Reference Numbers 12:7 in Assamese 7 মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
Proverbs 13:17 in Assamese 17 দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
Matthew 24:45 in Assamese 45 এই কাৰণে বুদ্ধিমান আৰু বিশ্বাসী দাস কোন জন হয়, উচিত সময়ত আহাৰ দিবলৈ যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেই জন নহয় নে?
Matthew 25:21 in Assamese 21 প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসযোগ্য দাস! অলপ বিষয়তে তুমি বিশ্বাসযোগ্য আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’৷
Matthew 25:23 in Assamese 23 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসযোগ্য দাস, তুমি অলপ বিষয়তে বিশ্বাসযোগ্য আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
Acts 19:21 in Assamese 21 এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া প্ৰদেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰিলে আৰু ক’লে, “তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব।”
1 Corinthians 4:2 in Assamese 2 কিন্তু তত্বাৱধায়ক জন যেন বিশ্বাসযোগ্য হয়, মানুহে এনে গুণ বিচাৰে।
1 Corinthians 4:15 in Assamese 15 কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
1 Corinthians 7:17 in Assamese 17 প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
1 Corinthians 7:25 in Assamese 25 যি সকলৰ বিয়া হোৱা নাই, তেখেতসকলৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
1 Corinthians 11:2 in Assamese 2 আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰিছে আৰু মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে মই আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
1 Corinthians 11:16 in Assamese 16 কিন্তু কোনোৱে যদি বাদ-বিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
1 Corinthians 14:33 in Assamese 33 কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
1 Corinthians 16:1 in Assamese 1 পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
1 Corinthians 16:10 in Assamese 10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷
Ephesians 6:21 in Assamese 21 মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসযোগ্য সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷
Philippians 2:19 in Assamese 19 কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ।
Colossians 1:7 in Assamese 7 সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলে; তেখেত আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;
Colossians 4:9 in Assamese 9 আৰু তেওঁৰ লগত ওনীচিমক পঠিয়ালো, তেওঁ আপোনালোকৰ বিশ্বাসযোগ্য আৰু প্ৰিয় ভাই; তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব।
1 Thessalonians 3:2 in Assamese 2 সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলো,
1 Timothy 1:2 in Assamese 2 বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
2 Timothy 1:2 in Assamese 2 প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
2 Timothy 2:2 in Assamese 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসযোগ্য লোক সকলক সমর্পণ কৰা।
2 Timothy 3:10 in Assamese 10 এতিয়া তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য,
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 2:13 in Assamese 13 ‘মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত সেইদিনা চয়তানে নিবাস কৰিছিল৷ তাতে মোৰ সাক্ষী আন্তিপাকক বধ কৰা হৈছিল, তেওঁ মোৰ বিশ্বাসযোগ্য আছিল।