1 Corinthians 2:6 in Assamese 6 তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়;
Other Translations King James Version (KJV) Howbeit we speak wisdom among them that are perfect: yet not the wisdom of this world, nor of the princes of this world, that come to nought:
American Standard Version (ASV) We speak wisdom, however, among them that are fullgrown: yet a wisdom not of this world, nor of the rulers of this world, who are coming to nought:
Bible in Basic English (BBE) But still we have wisdom for those who are complete in knowledge, though not the wisdom of this world, and not of the rulers of this world, who are coming to nothing:
Darby English Bible (DBY) But we speak wisdom among the perfect; but wisdom not of this world, nor of the rulers of this world, who come to nought.
World English Bible (WEB) We speak wisdom, however, among those who are full grown; yet a wisdom not of this world, nor of the rulers of this world, who are coming to nothing.
Young's Literal Translation (YLT) And wisdom we speak among the perfect, and wisdom not of this age, nor of the rulers of this age -- of those becoming useless,
Cross Reference Job 1:1 in Assamese 1 উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।
Job 12:19 in Assamese 19 তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।
Job 12:21 in Assamese 21 তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
Psalm 2:1 in Assamese 1 কিয় অস্থিৰ হৈ জাতিসমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোকসমূহে অনর্থক ষড়যন্ত্র কৰিছে?
Psalm 33:10 in Assamese 10 যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোকসমুহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
Psalm 37:37 in Assamese 37 সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
Isaiah 19:11 in Assamese 11 চোৱণৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৌৰণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৌৰণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
Isaiah 40:23 in Assamese 23 তেওঁ শাসনকৰ্ত্তাসকলক নথকাৰ দৰে লুপ্ত কৰে; আৰু পৃথিবীৰ শাসনকৰ্ত্তাসকলক অৰ্থহীনৰ দৰে কৰে;
Matthew 5:48 in Assamese 48 এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।
Matthew 13:22 in Assamese 22 কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে, কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তেতিয়া তেওঁ বিফল হয়।
Matthew 19:21 in Assamese 21 যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হ’বলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তেতিয়া স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা।”
Luke 16:8 in Assamese 8 তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিলে৷ এই হেতুকে ধনী লোক জনে তত্বাৱধায়ক জনক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷
Acts 4:25 in Assamese 25 তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
1 Corinthians 1:18 in Assamese 18 বিনাশৰ পথত চলা লোক সকললৈ ক্রুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্রাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
1 Corinthians 1:28 in Assamese 28 জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে, জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।
1 Corinthians 2:1 in Assamese 1 হে প্রিয় ভাইসকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।
1 Corinthians 2:8 in Assamese 8 এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন;
1 Corinthians 2:13 in Assamese 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
1 Corinthians 14:20 in Assamese 20 হে প্ৰিয় ভাইসকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
2 Corinthians 1:12 in Assamese 12 এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
2 Corinthians 4:4 in Assamese 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ মহিমা প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ জগতৰ অধিকাৰীয়ে সেই অবিশ্বাসী লোক সকলৰ মন (জ্ঞান-চকু) অন্ধ কৰিলে।
2 Corinthians 13:11 in Assamese 11 শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
Ephesians 2:2 in Assamese 2 এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা দুষ্ট আত্মাৰ দৰে চলি আছিল।
Ephesians 4:11 in Assamese 11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ’বলৈ দিলে।
Philippians 3:12 in Assamese 12 মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক ধৰি ৰখা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ পাব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
Colossians 4:12 in Assamese 12 ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷
Hebrews 5:14 in Assamese 14 কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
James 3:2 in Assamese 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
James 3:15 in Assamese 15 এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।