1 Corinthians 16 in Assamese

1 পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।

2 সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷

3 এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷

4 যদি ময়ো যাওঁ, তেনেহলে তেওঁলোকো মোৰ লগতে যাব।

5 কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ, (মাকিদনিয়াৰ মাজেদি) যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।

6 আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰিব৷

7 এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।

8 কিন্তু পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;

9 কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।

10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷

11 কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁক ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।

12 এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।

13 আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষসকলৰ দৰে শক্তিমন্ত হওক।

14 আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।

15 হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, (স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;)

16 আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।

17 আমি সকলো আনন্দিত হৈছো, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ আহোতে, আপোনালোক নথকা বাবে মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।

18 কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকৰ চিনাকি দিবলৈ নাপাহৰিব।

19 এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷

20 সকলো ভাইসকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷

21 মই পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷

22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷

23 প্ৰভু যীচুৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।

24 খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।