1 Corinthians 14:6 in Assamese 6 এতিয়া, হে প্ৰিয় ভাইসকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত প্ৰকাশিত বাক্য, বা ভাববাণী, বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে আপোনালোকৰ কিবা লাভ হ’বনে?
Other Translations King James Version (KJV) Now, brethren, if I come unto you speaking with tongues, what shall I profit you, except I shall speak to you either by revelation, or by knowledge, or by prophesying, or by doctrine?
American Standard Version (ASV) But now, brethren, if I come unto you speaking with tongues, what shall I profit you, unless I speak to you either by way of revelation, or of knowledge, or of prophesying, or of teaching?
Bible in Basic English (BBE) But, now, my brothers, if I come to you using tongues, what profit will it be to you, if I do not give you a revelation, or knowledge, or the word of the prophet, or teaching?
Darby English Bible (DBY) And now, brethren, if I come to you speaking with tongues, what shall I profit you, unless I shall speak to you either in revelation, or in knowledge, or in prophecy, or in teaching?
World English Bible (WEB) But now, brothers,{The word for "brothers" here and where context allows may also be correctly translated "brothers and sisters" or "siblings."} if I come to you speaking with other languages, what would I profit you, unless I speak to you either by way of revelation, or of knowledge, or of prophesying, or of teaching?
Young's Literal Translation (YLT) And now, brethren, if I may come unto you speaking tongues, what shall I profit you, except I shall speak to you either in revelation, or in knowledge, or in prophesying, or in teaching?
Cross Reference 1 Samuel 12:21 in Assamese 21 কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Jeremiah 23:32 in Assamese 32 যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
Matthew 11:25 in Assamese 25 সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু জগতৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
Matthew 16:17 in Assamese 17 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
Matthew 16:26 in Assamese 26 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰাণকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
Acts 2:42 in Assamese 42 পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
Romans 6:17 in Assamese 17 কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
Romans 15:14 in Assamese 14 হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে।
Romans 16:17 in Assamese 17 হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷
1 Corinthians 10:33 in Assamese 33 কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
1 Corinthians 12:7 in Assamese 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
1 Corinthians 13:2 in Assamese 2 যদি মই ভাববাণী কোৱা বৰ পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
1 Corinthians 13:8 in Assamese 8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, আতৰি যাব; জ্ঞান হ’লে, লুপ্ত হ’ব।
1 Corinthians 14:1 in Assamese 1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
1 Corinthians 14:26 in Assamese 26 এতেকে হে প্ৰিয় ভাইসকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
2 Corinthians 11:6 in Assamese 6 কিন্তু যদিও বক্তৃতাত মই অ-প্ৰশিক্ষণপ্ৰাপ্ত হওঁ, কিন্তু মই জ্ঞানত হ’লে অ-প্ৰশিক্ষণপ্ৰাপ্ত নহওঁ; সকলো ধৰণে আৰু সকলো বিষয়কে আমি আপোনালোকক প্ৰকাশ কৰিলোঁ।
2 Corinthians 12:1 in Assamese 1 মই গৰ্ব কৰিব পাৰোঁ, যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
2 Corinthians 12:7 in Assamese 7 আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় গৰ্ব নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট আছে, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
Ephesians 1:17 in Assamese 17 মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
Ephesians 3:4 in Assamese 4 আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব।
Philippians 3:15 in Assamese 15 এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
2 Timothy 2:14 in Assamese 14 তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
2 Timothy 3:10 in Assamese 10 এতিয়া তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য,
2 Timothy 3:16 in Assamese 16 সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত (অনুপ্রাণিত হোৱা) আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;
2 Timothy 4:2 in Assamese 2 তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো যুগুত হৈ থাকিবা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগণি দিয়া।
Titus 3:8 in Assamese 8 এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
Hebrews 13:9 in Assamese 9 আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷
2 Peter 1:5 in Assamese 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
2 Peter 3:18 in Assamese 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
2 John 1:9 in Assamese 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।