1 Corinthians 12:10 in Assamese 10 আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবলৈ বৰ দিয়া হৈছে;
Other Translations King James Version (KJV) To another the working of miracles; to another prophecy; to another discerning of spirits; to another divers kinds of tongues; to another the interpretation of tongues:
American Standard Version (ASV) and to another workings of miracles; and to another prophecy; and to another discernings of spirits; to another `divers' kinds of tongues; and to another the interpretation of tongues:
Bible in Basic English (BBE) And to another the power of working wonders; and to another the prophet's word; and to another the power of testing spirits; to another different sorts of tongues; and to another the power of making clear the sense of the tongues:
Darby English Bible (DBY) and to another operations of miracles; and to another prophecy; and to another discerning of spirits; and to a different one kinds of tongues; and to another interpretation of tongues.
World English Bible (WEB) and to another workings of miracles; and to another prophecy; and to another discerning of spirits; to another different kinds of languages; and to another the interpretation of languages.
Young's Literal Translation (YLT) and to another in-workings of mighty deeds; and to another prophecy; and to another discernings of spirits; and to another `divers' kinds of tongues; and to another interpretation of tongues:
Cross Reference Numbers 11:25 in Assamese 25 তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
1 Samuel 10:10 in Assamese 10 যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।
1 Samuel 19:20 in Assamese 20 তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
2 Samuel 23:1 in Assamese 1 এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ূদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
Joel 2:28 in Assamese 28 তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Mark 16:17 in Assamese 17 এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;
Mark 16:20 in Assamese 20 পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।
Luke 24:49 in Assamese 49 চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
John 14:12 in Assamese 12 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
John 16:13 in Assamese 13 কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
Acts 1:8 in Assamese 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হ’বা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ’বা।”
Acts 2:4 in Assamese 4 সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা ক’বলৈ ধৰিলে।
Acts 2:17 in Assamese 17 ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তেতিয়া তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Acts 2:29 in Assamese 29 হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ ক’ব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
Acts 5:3 in Assamese 3 তেতিয়া পিতৰে তেওঁক ক’লে, “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
Acts 10:46 in Assamese 46 কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি ক’লে,
Acts 11:28 in Assamese 28 আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, পবিত্র আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই জগতত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
Acts 19:6 in Assamese 6 ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।
Acts 21:9 in Assamese 9 তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
Romans 12:6 in Assamese 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
Romans 15:19 in Assamese 19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্যৰ শক্তি আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
1 Corinthians 12:28 in Assamese 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক, তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক, উপকাৰক সকলক, শাসন-পদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে।
1 Corinthians 13:1 in Assamese 1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
1 Corinthians 13:8 in Assamese 8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, আতৰি যাব; জ্ঞান হ’লে, লুপ্ত হ’ব।
1 Corinthians 14:1 in Assamese 1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
1 Corinthians 14:23 in Assamese 23 এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নক’ব নে?
1 Corinthians 14:26 in Assamese 26 এতেকে হে প্ৰিয় ভাইসকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
1 Corinthians 14:31 in Assamese 31 কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাওক আৰু সকলোকে উদগাওক৷
1 Corinthians 14:39 in Assamese 39 এই কাৰণে, হে মোৰ ভাইসকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা ক’বলৈ নিষেধ নকৰিব।
Galatians 3:5 in Assamese 5 গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
1 Thessalonians 5:20 in Assamese 20 ভাৱবাণী হেয়জ্ঞান নকৰিব।
Hebrews 2:4 in Assamese 4 ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
2 Peter 1:20 in Assamese 20 সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী (বচন), ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;
1 John 4:1 in Assamese 1 হে প্ৰিয় সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
Revelation 2:2 in Assamese 2 “তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷