1 Chronicles 4:10 in Assamese 10 যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
Other Translations King James Version (KJV) And Jabez called on the God of Israel, saying, Oh that thou wouldest bless me indeed, and enlarge my coast, and that thine hand might be with me, and that thou wouldest keep me from evil, that it may not grieve me! And God granted him that which he requested.
American Standard Version (ASV) And Jabez called on the God of Israel, saying, Oh that thou wouldest bless me indeed, and enlarge my border, and that thy hand might be with me, and that thou wouldest keep me from evil, that it be not to my sorrow! And God granted him that which he requested.
Bible in Basic English (BBE) And Jabez made a prayer to the God of Israel, saying, If only you would truly give me a blessing, and make wider the limits of my land, and let your hand be with me, and keep me from evil, so that I may not be troubled by it! And God gave him his desire.
Darby English Bible (DBY) And Jabez called on the God of Israel saying, Oh that thou wouldest richly bless me, and enlarge my border, and that thy hand might be with me, and that thou wouldest keep me from evil, that it may not grieve me! And God brought about what he had requested.
Webster's Bible (WBT) And Jabez called on the God of Israel, saying, Oh that thou wouldst bless me indeed, and enlarge my border, and that thy hand might be with me, and that thou wouldst keep me from evil, that it may not grieve me! And God granted him that which he requested.
World English Bible (WEB) Jabez called on the God of Israel, saying, Oh that you would bless me indeed, and enlarge my border, and that your hand might be with me, and that you would keep me from evil, that it not be to my sorrow! God granted him that which he requested.
Young's Literal Translation (YLT) And Jabez calleth to the God of Israel, saying, `If blessing Thou dost bless me, then Thou hast made great my border, and Thy hand hath been with me, and Thou hast kept `me' from evil -- not to grieve me;' and God bringeth in that which he asked.
Cross Reference Genesis 12:2 in Assamese 2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
Genesis 12:8 in Assamese 8 তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ (ঈশ্বৰৰ গৃহ) পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।
Genesis 32:26 in Assamese 26 পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”
Genesis 32:28 in Assamese 28 পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়েহে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) বুলিহে মতা হ’ব।”
Genesis 33:20 in Assamese 20 সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ ৰাখিলে।
Genesis 48:16 in Assamese 16 যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।
Joshua 17:14 in Assamese 14 তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
Judges 1:27 in Assamese 27 মনচিৰ বংশৰ লোকসকলে বৈৎচান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
1 Samuel 1:17 in Assamese 17 এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
1 Kings 3:7 in Assamese 7 এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
1 Chronicles 16:8 in Assamese 8 যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতিসকলৰ মাজত কৰা তেওঁৰ কাৰ্য্যবোৰ জনোৱা।
Job 22:27 in Assamese 27 তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
Psalm 21:4 in Assamese 4 তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
Psalm 51:8 in Assamese 8 মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
Psalm 51:12 in Assamese 12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা ।
Psalm 55:16 in Assamese 16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।
Psalm 65:2 in Assamese 2 হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
Psalm 66:19 in Assamese 19 কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
Psalm 72:17 in Assamese 17 ৰজাৰ নাম চিৰস্থায়ী হব; সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।
Psalm 99:6 in Assamese 6 তেওঁৰ পুৰোহিতসকলৰ মাজত মোচি আৰু হাৰোণ আছিল; যিসকলে তেওঁৰ নামত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ মাজত চমূৱেল আছিল। তেওঁলোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল; তাতে তেওঁ উত্তৰ দিছিল।
Psalm 116:1 in Assamese 1 মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
Psalm 119:173 in Assamese 173 তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
Proverbs 10:22 in Assamese 22 যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
Proverbs 30:8 in Assamese 8 অহঙ্কাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 41:17 in Assamese 17 দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
Jeremiah 33:3 in Assamese 3 ‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
Matthew 7:7 in Assamese 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
Matthew 26:75 in Assamese 75 তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
Luke 19:42 in Assamese 42 আৰু ক’লে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱাই থোৱা হৈছে।
John 10:28 in Assamese 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
John 21:17 in Assamese 17 তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, ‘তুমি মোক প্ৰেম কৰা নে’? তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষবোৰক চৰোৱা।
Acts 3:26 in Assamese 26 আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক নিযুক্ত কৰিলে আৰু প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।”
Romans 10:12 in Assamese 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক আহ্বান কৰে, তেওঁলোকক তেওঁ আশীৰ্বাদ কৰে৷
Romans 12:9 in Assamese 9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি সত্য, সেই সত্যত আসক্ত হওক৷
Romans 16:19 in Assamese 19 কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা।
1 Corinthians 1:2 in Assamese 2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হ’বলৈ আমন্ত্রণ কৰিলে, তেখেতসকলৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেখেতসকলৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।
2 Corinthians 2:1 in Assamese 1 সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷
Ephesians 1:3 in Assamese 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
Ephesians 3:20 in Assamese 20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
2 Timothy 4:18 in Assamese 18 প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
Revelation 3:19 in Assamese 19 যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন-পালটোৱা।