1 Chronicles 15:16 in Assamese 16 দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্ছ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক।
Other Translations King James Version (KJV) And David spake to the chief of the Levites to appoint their brethren to be the singers with instruments of music, psalteries and harps and cymbals, sounding, by lifting up the voice with joy.
American Standard Version (ASV) And David spake to the chief of the Levites to appoint their brethren the singers, with instruments of music, psalteries and harps and cymbals, sounding aloud and lifting up the voice with joy.
Bible in Basic English (BBE) And David gave orders to the chief of the Levites to put their brothers the music-makers in position, with instruments of music, corded instruments and brass, with glad voices making sounds of joy.
Darby English Bible (DBY) And David spoke to the chief of the Levites to appoint their brethren, the singers, with instruments of music, lutes, and harps, and cymbals, that they should sound aloud, lifting up the voice with joy.
Webster's Bible (WBT) And David spoke to the chief of the Levites to appoint their brethren to be the singers with instruments of music, psalteries, and harps, and cymbals, sounding, by lifting up the voice with joy.
World English Bible (WEB) David spoke to the chief of the Levites to appoint their brothers the singers, with instruments of music, psalteries and harps and cymbals, sounding aloud and lifting up the voice with joy.
Young's Literal Translation (YLT) And David saith to the heads of the Levites to appoint their brethren the singers, with instruments of song, psalteries, and harps, and cymbals, sounding, to lift up with the voice for joy.
Cross Reference 1 Chronicles 6:31 in Assamese 31 নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্ৱায়িত্ৱ দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
1 Chronicles 13:8 in Assamese 8 দায়ূদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উৎযাপন কৰিলে।
1 Chronicles 15:12 in Assamese 12 তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছো, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰো, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্র কৰা।
1 Chronicles 15:27 in Assamese 27 দায়ূদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
1 Chronicles 16:42 in Assamese 42 হেমন আৰু যিদূথূন তূৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্ত্ৱাৱধানত আছিল। যিদূথূনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল।
1 Chronicles 23:5 in Assamese 5 চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
1 Chronicles 25:1 in Assamese 1 দায়ূদ আৰু আবাসৰ পৰিচৰ্য্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
2 Chronicles 5:13 in Assamese 13 তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
2 Chronicles 29:28 in Assamese 28 তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
2 Chronicles 30:12 in Assamese 12 তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
Ezra 3:10 in Assamese 10 গৃহ নিৰ্ম্মাণ কৰোঁতাসকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।
Ezra 7:24 in Assamese 24 আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্য্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসসকলৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
Nehemiah 12:36 in Assamese 36 ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্রা তেওঁলোকৰ সন্মুখত আছিল।
Nehemiah 12:43 in Assamese 43 সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
Nehemiah 12:46 in Assamese 46 বহু দিনৰ পূৰ্ব্বে, দায়ূদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।
Psalm 81:1 in Assamese 1 আমাৰ বলস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
Psalm 87:7 in Assamese 7 গায়ক আৰু নাচনীসকলে একেভাৱে কব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”
Psalm 92:1 in Assamese 1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰিজনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতিগান কৰা উত্তম;
Psalm 95:1 in Assamese 1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোহকঁ; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
Psalm 100:1 in Assamese 1 হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দধ্বনি কৰা।
Psalm 149:3 in Assamese 3 তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
Psalm 150:3 in Assamese 3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
Isaiah 49:23 in Assamese 23 ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
Jeremiah 33:11 in Assamese 11 আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
Acts 14:23 in Assamese 23 পৌল আৰু বার্ণব্বাই প্রার্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
1 Timothy 3:1 in Assamese 1 কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য।
2 Timothy 2:2 in Assamese 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসযোগ্য লোক সকলক সমর্পণ কৰা।
Titus 1:5 in Assamese 5 অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।