1 Chronicles 11:5 in Assamese 5 তাতে যিবূচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।
Other Translations King James Version (KJV) And the inhabitants of Jebus said to David, Thou shalt not come hither. Nevertheless David took the castle of Zion, which is the city of David.
American Standard Version (ASV) And the inhabitants of Jebus said to David, Thou shalt not come in hither. Nevertheless David took the stronghold of Zion; the same is the city of David.
Bible in Basic English (BBE) And the people of Jebus said to David, You will not come in here. But still, David took the strong place of Zion, which is the town of David.
Darby English Bible (DBY) And the inhabitants of Jebus said to David, Thou shalt not come in hither. But David took the stronghold of Zion, which is the city of David.
Webster's Bible (WBT) And the inhabitants of Jebus said to David, Thou shalt not come hither. Nevertheless David took the castle of Zion, which is the city of David.
World English Bible (WEB) The inhabitants of Jebus said to David, You shall not come in here. Nevertheless David took the stronghold of Zion; the same is the city of David.
Young's Literal Translation (YLT) And the inhabitants of Jebus say to David, `Thou dost not come in hither;' and David captureth the fortress of Zion -- it `is' the city of David.
Cross Reference 1 Samuel 17:9 in Assamese 9 সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
1 Samuel 17:26 in Assamese 26 তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই ফিলিষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নত ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
1 Samuel 17:36 in Assamese 36 আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ ফিলিষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
2 Samuel 5:9 in Assamese 9 তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
2 Samuel 6:10 in Assamese 10 এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ ইদোমৰ ঘৰত থলেগৈ।
2 Samuel 6:12 in Assamese 12 তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
1 Kings 8:1 in Assamese 1 পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু জনগোষ্ঠীৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে।
1 Chronicles 11:7 in Assamese 7 তাৰ পাছত দায়ূদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।
2 Chronicles 5:2 in Assamese 2 তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, জনগোষ্ঠীৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 9:11 in Assamese 11 যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
Psalm 48:2 in Assamese 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Psalm 48:12 in Assamese 12 তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা ।
Psalm 78:68 in Assamese 68 কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
Psalm 87:2 in Assamese 2 যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
Psalm 87:5 in Assamese 5 এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
Psalm 122:5 in Assamese 5 কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
Psalm 125:1 in Assamese 1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Lamentations 4:11 in Assamese 11 যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
Romans 9:33 in Assamese 33 এই বিষয়ে লিখাও আছে, ‘চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব’।
Hebrews 12:22 in Assamese 22 কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
Revelation 14:1 in Assamese 1 তাৰ পাছত মই চাই দেখিলোঁ, সেই মেষ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।