1 Chronicles 1 in Assamese

1 আদম, চেথ, ইনোচ,

2 কৈনন, মহললেল, যেৰদ,

3 হনোক, মথুচেলহ, লেমক,

4 নোহ, চেম, হাম, আৰু যেফৎ।

5 যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তূবল, মেচক, আৰু তীৰচ।

6 গোমৰ পুত্ৰ অঙ্কিনজ, দীফত, আৰু তোগৰ্মা।

7 যাবনৰ পুত্ৰ ইলীচ, তাৰ্চীচ, কত্তীম, আৰু দদানীম।

8 হামৰ পুত্ৰ কূচ, মিচৰ, পূট, আৰু কনান।

9 কূচৰ পুত্ৰ চবা, হবীলা, চবতা, ৰয়মা, আৰু চবতকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।

10 কূচৰ পুত্ৰ নিম্ৰোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।

11 লূদীয়া, অনামিয়, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,

12 পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা ফিলিষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।

13 কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;

14 তেওঁ যিবূচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,

15 হিব্বীয়া, অৰ্কীয়া, চীনীয়া,

16 অৰ্বদীয়া, চমৰীয়া, আৰু হামাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।

17 চেমৰ পুত্ৰসকল এলম, অচূৰ অৰ্ফকচদ, লূদ, অৰাম, ঊচ, হূল, গেথৰ, আৰু মেচেক।

18 অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এৰব।

19 এৰবৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ (বিভাগ), কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।

20 অলমোদদ, চেলফ, হচৰ্মাবৎ, যেৰহ,

21 হদোৰাম, ঊজল, দিক্লা,

22 এবল, অবীমায়েল, চিবা,

23 ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।

24 চেম, অৰ্ফকচদ, চেলহ,

25 এৰব, পেলগ, ৰুয়ূ,

26 চৰুগ, নাহোৰ, তেৰহ,

27 অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।

28 ইচহাক আৰু ইশ্মায়েল অব্রাহামৰ পুত্র আছিল।

29 তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,

30 মিচমা, দূমা, মচ্ছা, হদদ, তেমা,

31 যটৰ, নাফীচ, কেদমা; এই সকল ইশ্মায়েলৰ সন্তান।

32 অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তানসকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চূহ। যকচনৰ সন্তান চিবা আৰু দাদন।

33 মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।

34 অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।

35 ইলীফজ, ৰুৱেল, যিয়ুচ যামল, আৰু কোৰহ এচৌৰ সন্তান আছিল।

36 তৈমন, ওমাৰ, চফী, আৰগয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।

37 ৰুৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।

38 চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এৰচ আৰু দীচন।

39 লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।

40 চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়েনৰ সন্তান আয়া আৰু অনা।

41 অনাৰ পুত্ৰ দীনোচ। দীনোচৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰণ, আৰু কৰান।

42 এৰচৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ ঊচ, আৰু অৰান।

43 ইস্ৰায়েলৰ সন্তানসকলৰ ওপৰত কোনো ৰজাই ৰজত্ব কৰাৰ পূৰ্ব্বেই, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।

44 বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোবাবে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰাহৰ পুত্ৰ আছিল।

45 যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হুচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।

46 আৰু হুচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবিৎ।

47 আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্লাই ৰাজত্ব কৰিছিল।

48 চম্লাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।

49 চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।

50 যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।

51 হদদ মৃত্যু হ’ল। ইদোমৰ জনগোষ্ঠীৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,

52 অহলীবাম, এলা, পীনোন,

53 কনজ, তৈমন, মিবচৰ,

54 মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ জনগোষ্ঠীৰ মুৰব্বী আছিল।